প্ৰকৃতিৰ মাজত শচীনে পালন কৰিলে জন্মদিন

জীৱনৰ অৰ্ধ শতক কোবালে শচীন তেণ্ডুলকাৰে

শতৰানৰ শতক কৰা তেণ্ডুলকাৰৰ জন্মদিনত অনুৰাগীৰ শুভেচ্ছাৰ জোৱাৰ

মাষ্টাৰ ব্লাষ্টাৰৰ ৫০তম জন্মদিন উপলক্ষে বিশেষ কাৰ্যসূচী

প্ৰকৃতিৰ মাজত শচীনে পালন কৰিলে জন্মদিন

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ জন্মদিৱস। ক্ৰিকেটৰ এসময়ৰ মহা তাৰকাজনক জন্ম দিনৰ শুভেচ্ছাৰে উপচাই পেলাইছে ছ’চিয়েল মিডিয়াই। বিভিন্নজনে ছ’চিয়েল মিডিয়াত বিভিন্ন মন্তব্যৰে ৰোমন্থন কৰিছে ক্ৰিকেটৰ এসময়ৰ সম্ৰাটজনক। সমগ্ৰ বিশ্বৰ পৰাই আহিছে তেণ্ডুলকাৰলৈ শুভেচ্ছাবাণী। তেণ্ডুলকাৰে বিশেষ অনুষ্ঠানৰ মাজেৰে জন্মদিন পালন কৰিব বুলি ভবা হৈছিল যদিও কাৰ্যতঃ দেখা গ’ল এই বিপৰীত দৃশ্য।

টুইটাৰত দেখা গ’ল তেণ্ডুলকাৰৰ দুখন বিশেষ ফটো

প্ৰকৃতিৰ বক্ষত চাহত চুমুক দি জন্মদিন পালন তেণ্ডুলকাৰৰ

সাগৰৰ দৃশ্য প্ৰত্যক্ষ হোৱা এটা ছুইমিংপুলত নিৰলে বহি ৰৈছে তেওঁ

ফটো দুখনত তেণ্ডুলকাৰৰ কেপশ্যন– TEA TIME, 50 NOT OUT

তেণ্ডুলকাৰৰ মতে এয়া হৈছে তেওঁৰ জীৱনৰ আটাইতকৈ লেহেমীয়া অৰ্ধশতক 

১০ বছৰ পূৰ্বেই তেওঁ অৱসৰ লৈছে আন্তৰ্জাতিক খেলৰ পৰা। কিন্তু এতিয়াও জনপ্ৰিয়তা কমা নাই টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ।

IPLৰ খেলৰ মাজতো শনিবাৰেই তেণ্ডুলকাৰৰ জন্মদিন পালন

মুম্বাই ইণ্ডিয়ানছ – পাঞ্জাব কিংছৰ খেলৰ মাজত কেক কাটিলে তেণ্ডুলকাৰে

ষ্টেডিয়াম ভৰ্তি দৰ্শকৰ সমস্বৰে শুভেচ্ছা– HAPPY BIRTHDAY TENDULKAR.  

এই মহান ক্ৰিকেটাৰজনৰ প্ৰতি NKTV পৰিয়ালৰো শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...