প্ৰকৃতিৰ মাজত শচীনে পালন কৰিলে জন্মদিন

জীৱনৰ অৰ্ধ শতক কোবালে শচীন তেণ্ডুলকাৰে

শতৰানৰ শতক কৰা তেণ্ডুলকাৰৰ জন্মদিনত অনুৰাগীৰ শুভেচ্ছাৰ জোৱাৰ

মাষ্টাৰ ব্লাষ্টাৰৰ ৫০তম জন্মদিন উপলক্ষে বিশেষ কাৰ্যসূচী

প্ৰকৃতিৰ মাজত শচীনে পালন কৰিলে জন্মদিন

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ জন্মদিৱস। ক্ৰিকেটৰ এসময়ৰ মহা তাৰকাজনক জন্ম দিনৰ শুভেচ্ছাৰে উপচাই পেলাইছে ছ’চিয়েল মিডিয়াই। বিভিন্নজনে ছ’চিয়েল মিডিয়াত বিভিন্ন মন্তব্যৰে ৰোমন্থন কৰিছে ক্ৰিকেটৰ এসময়ৰ সম্ৰাটজনক। সমগ্ৰ বিশ্বৰ পৰাই আহিছে তেণ্ডুলকাৰলৈ শুভেচ্ছাবাণী। তেণ্ডুলকাৰে বিশেষ অনুষ্ঠানৰ মাজেৰে জন্মদিন পালন কৰিব বুলি ভবা হৈছিল যদিও কাৰ্যতঃ দেখা গ’ল এই বিপৰীত দৃশ্য।

টুইটাৰত দেখা গ’ল তেণ্ডুলকাৰৰ দুখন বিশেষ ফটো

প্ৰকৃতিৰ বক্ষত চাহত চুমুক দি জন্মদিন পালন তেণ্ডুলকাৰৰ

সাগৰৰ দৃশ্য প্ৰত্যক্ষ হোৱা এটা ছুইমিংপুলত নিৰলে বহি ৰৈছে তেওঁ

ফটো দুখনত তেণ্ডুলকাৰৰ কেপশ্যন– TEA TIME, 50 NOT OUT

তেণ্ডুলকাৰৰ মতে এয়া হৈছে তেওঁৰ জীৱনৰ আটাইতকৈ লেহেমীয়া অৰ্ধশতক 

১০ বছৰ পূৰ্বেই তেওঁ অৱসৰ লৈছে আন্তৰ্জাতিক খেলৰ পৰা। কিন্তু এতিয়াও জনপ্ৰিয়তা কমা নাই টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ।

IPLৰ খেলৰ মাজতো শনিবাৰেই তেণ্ডুলকাৰৰ জন্মদিন পালন

মুম্বাই ইণ্ডিয়ানছ – পাঞ্জাব কিংছৰ খেলৰ মাজত কেক কাটিলে তেণ্ডুলকাৰে

ষ্টেডিয়াম ভৰ্তি দৰ্শকৰ সমস্বৰে শুভেচ্ছা– HAPPY BIRTHDAY TENDULKAR.  

এই মহান ক্ৰিকেটাৰজনৰ প্ৰতি NKTV পৰিয়ালৰো শুভেচ্ছা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্তত পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা...