বলিউডৰ এগৰাকী তাৰকাৰ আজি জন্মদিন। ১৯৬৯ চনৰ ২ এপ্ৰিলত দিল্লীত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেতা অজয় দেৱগন। ২২ বছৰ বয়সতে বোলছবি জগতত ভৰি দিয়া অভিনেতাজনে প্ৰথমে “প্যাৰী বেহেনা” শীৰ্ষক ছবিখনত শিশু অভিনেতা হিচাপে অভিনয় কৰে।
১৯৯১ চনত অজয় দেৱগনে Phool Aur Kaante ছবিত মুখ্য ভূমিকাত অভিনয় কৰি বোলছবি জগতত এক আলোড়ণৰ সৃষ্টি কৰে। এই ছবি খনৰ জৰিয়তে অজয় দেৱগন ভাৰতবাসীৰ মাজত এখন চিনাকী মুখ হৈ পৰে।
![How to Meet Ajay Devgan Personally and Face to Face [Best Guide]](https://sifetbabo.com/wp-content/uploads/2019/07/ajay-devgan.jpg)
১৯৯৫ চনত মুক্তি লাভ কৰা ‘হুল্লাবালু’ ছবিখনত পোন প্ৰথমে অজয় দেৱগন আৰু কাজল একেলগে অভিনয় কৰে। আৰু সেই ছবিখনৰ পৰাই আৰম্ভ হয় প্ৰেম। এই দুগৰাকী তাৰকাই পিছলৈ বহু ছবিত অভিনয় কৰে। ১৯৯৯ চনৰ ২৪ ফ্ৰেব্ৰুৱাৰীত অজয় দেৱগন আৰু কাজল বিবাহ পাশত আৱদ্ধ হয়। পিছলৈ অজয় দেৱগন আৰু কাজল বলীউডৰ অন্যতম জনপ্ৰিয় দম্পতি হৈ পৰে। কাজল আৰু অজয় দেৱগানক অন্তিমখন ছবি ‘তানাজী দ্য আনচাং ৱাৰিয়াৰ’ত একেলগে অভিনয় কৰে।

বলিউডৰ এই দম্পত্তীহালক ‘গুণ্ডাৰাজ’, ‘ইশ্ক’, ‘প্যাৰ তো হোনা হি থা’, ‘দিল ক্যা কেৰে’, ‘ইউ মি ঔৰ হাম’ আৰু ‘ৰাজু চাচা’ৰ দৰে চলচ্চিত্ৰত ছবি অভিনয় কৰে। অজয় দেৱগন আৰু কাজলৰ কন্যা নিচা দেৱগন আৰু পুত্ৰ য়ুগ দেৱগনৰ অভিভাৱক হৈ পৰে।
