সামগ্ৰীৰ মাজত লুকুৱাই কলৈ নিছিল হেণ্ডগ্ৰেনেড, বিমান বন্দৰতে আটক সেনা জোৱানক

শ্ৰীনগৰ বিমান বন্দৰত এজন সেনা জোৱানৰ পৰা এটা হেণ্ড গ্ৰনেড উদ্ধাৰ কৰে বিমান বন্দৰত থকা নিৰাপত্তাৰক্ষীয়ে। শ্ৰীনগৰ বিমানবন্দৰত প্ৰৱেশৰ সময়তে নিৰাপত্তাৰক্ষীয়ে জোৱানজনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় গ্ৰনেডটো।

এয়াৰ এছিয়া এয়াৰলাইনছৰ কৰ্মচাৰীসকলে জোৱানজনক চেক-ইন কৰাৰ সময়তে তেওঁৰ সামগ্ৰীৰ মাজত হেণ্ড গ্ৰনেডটো চিনাক্ত কৰিবলৈ সক্ষম হয়। তাৰ পিছতেই কৰ্তব্যৰত চি আৰ পি এফ জোৱানসকলক সৰ্তক কৰি দিয়া হয় আৰু জোৱানজনক আটক কৰা হয়।

আটক কৰা সেনা জোৱানজন তামিলনাডুৰ ভেলুৰৰ। সেনা জোৱানজনে ছুটী লৈ যাবলৈ ওলাইছিল। সেনাৰ জ্যেষ্ঠ বিষয়াসকলক সম্পূৰ্ণ ঘটনাৰ বিষয়ে জনোৱা হৈছে আৰু পৰৱৰ্তী অনুসন্ধান চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...