বিনিয়োগকাৰীৰ ধন লুটি ধনী হ’ল গুৱাহাটীৰ দীপাংকৰ বৰ্মন

কোটি আৰু লাখৰ ঘৰৰহে টকাৰ কথা। হায়দৰাবাদৰ এজনৰ বিনিয়োগ ১৫০ কোটি। ৰঙিয়াৰ এজনৰ ৭৭ কোটি টকা। এজনৰ ৬৯ কোটি, এজনৰ ২৫ কোটি, এজনৰ ৮৮ লাখ। অষ্ট্ৰেলিয়াৰ বিনিয়োগকাৰীৰ ৬০ লাখৰো অধিক টকা। প্ৰৱঞ্চিতৰ তালিকাৰ প্ৰভাৱশালী মন্ত্ৰী, শীৰ্ষ আৰক্ষী। প্ৰৱঞ্চিতৰ তালিকাৰ অধিবক্তা, ব্যৱসায়ী আৰু হাজাৰ হাজাৰ। ডুবিল সকলোৰে টকা। বিনিয়োগকাৰীৰ ধন লুটি ধনী হ’ল গুৱাহাটীৰ দীপাংকৰ বৰ্মণ। সৌ সিদিনালৈ মিটিঙে মিটিঙে ষ্টকৰ শিক্ষা দি থকা দীপাংকৰ বৰ্মণৰ নতুন নাম এতিয়া হৈ পৰিল মহা প্ৰৱঞ্চক। DB STOCK নামৰ এটা প্ৰতিষ্ঠান খুলি হাজাৰ হাজাৰ বিনিয়োগকাৰীৰ ধন লুণ্ঠন কৰি পলাতক মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মণ। বিনিয়োগকাৰী আৰু আৰক্ষীৰ সন্দেহ দেশ এৰি পলায়ন কৰিছে দীপাংকৰে।

ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটিৰ একালৰ ছাত্ৰ দীপাংকৰ বৰ্মণে পিছলৈ ষ্টক মাৰ্কেটত বিনিয়োগৰ কাম কৰিছিল। দেশৰ এটা আগশাৰৰী ষ্টক ব্ৰ’কিং প্ৰতিষ্ঠানৰ ফ্ৰেন্সাইজী লৈ DB STOCK নামৰ প্ৰতিষ্ঠান খুলি লৈছিল দীপাংকৰ বৰ্মণে। অসমৰ গ্ৰাহকক ষ্টক মাৰ্কেটত বিনিয়োগ কৰোৱাৰ নামত প্ৰায় ৪ বছৰ পূৰ্বে প্ৰৱঞ্চনাৰ জাল মেলিছিল দীপাংকৰে। ক্ৰমান্বয়ে বাঢ়ি গৈছিল DB STOCKত বিনিয়োগ কৰা লোকৰ সংখ্যা। এবছৰত ১২০%, ছমাহত ৫৪% লাভৰ প্ৰলোভন। এমাহত ৮%, ৩ মাহত ২৭% লাভৰো প্ৰলোভন দিয়া হৈছিল। বিভিন্ন স্কীমত বিনিয়োগৰে দুই-তিনিগুণ পৰ্যন্ত লাভৰ প্ৰলোভন দিয়া হৈছিল। বিগত কেইবাবছৰত লাভৰ মুখ দেখি হোৰাহোৰে বৃদ্ধি পাবলৈ লৈছিল বিনিয়োগকাৰীৰ সংখ্যা। বিনিয়োগকাৰীৰ ধন কোৰোণাৰে চপাই গুৱাহাটীৰ বৰা চাৰ্ভিছ, লাচিত নগৰ, ছইমাইল, বৰাগাঁৱত কাৰ্যালয় খুলি লৈছিল মহাপ্ৰৱঞ্চক দীপাংকৰে। পিতৃগৃহ নলবাৰীতো DB STOCKৰ কাৰ্যালয় খুলিছিল দীপাংকৰে। বিগত ৪ বছৰত দেশ-বিদেশৰ প্ৰায় ২৩ হাজাৰ বিনিয়োগকাৰীক জালত পেলাইছিল মহাপ্ৰৱঞ্চকটোৱে। মহাপ্ৰৱঞ্চক দীপাংকৰৰ DB STOCKত ৭ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগৰ সন্দেহ আৰক্ষীৰ। বিগত ৩ মাহৰ পৰা আৰম্ভ হৈছিল খেলিমেলি। বিগত ৩ দিন ধৰি সংযোগ বিচ্ছিন্ন হৈছিল দীপাংকৰ। গুৱাহাটীৰ কাৰ্যালয়ে কাৰ্যালয়ে বিচাৰ খোচাৰ কৰিও দীপাংকৰৰ সন্ধান নাপালে বিনিয়োগকাৰীয়ে। মঙলবাৰে প্ৰৱঞ্চনাৰ বলি একাংশ উপস্থিত হ’ল দীপাংকৰ বৰ্মণৰ জালুকবাৰীস্থিত বাসগৃহত। ক্ষোভিত লোকসকলে দীপাংকৰৰ পিতৃক আৱদ্ধ কৰিলে। বিনিয়োগৰ ধন ঘূৰাই পোৱাৰ দাবীত দীপাংকৰৰ ঘৰতো আক্ৰমণ। ঘটনাস্থলীত উপস্থিত সাংবাদিকক বাতৰি নকৰিবলৈ অনুৰোধ বিনিয়োগকাৰীৰৰ। কথাবোৰ বাতৰিত ওলালে ধন ঘূৰাই নোপোৱাৰ সন্দেহ।

কিন্তু বুধবাৰ পৰ্যন্ত মহাপ্ৰৱঞ্চকটোৰ কোনো সন্ধানেই পোৱা নগ’ল। হুলস্থূল কৰি ধন ঘূৰাই পোৱাৰ কোনো আশা নেদেখি আৰক্ষীৰ কাষ চপাৰ সিদ্ধান্ত বিনিয়োগকাৰীৰ। ইপিনে মঙলবাৰে সন্ধিয়াই মহাপ্ৰৱঞ্চক দীপাংকৰৰ খাৰঘুলিৰ ঘৰৰ পৰা প্ৰেয়সী মনালিছা দাসক পাণবজাৰ মহিলা থানালৈ আনে আৰক্ষীয়ে। DB STOCKৰ প্ৰৱঞ্চনাৰ তথ্য ফাদিল হোৱাৰ পিছত ভয় আৰু শংকাত আৰক্ষীৰ আশ্ৰয় বিচাৰিছিল দীপাংকৰৰ প্ৰেয়সীয়ে। মঙলবাৰে নিশাটো পাণবজাৰ মহিলা থানাতে ৰখা হয় মনালিছাক। বুধবাৰে পুৱাৰে পৰা থানাত প্ৰৱঞ্চিত বিনিয়োগকাৰীৰ ভিৰ। দীপাংকৰৰ বৰা চাৰ্ভিছৰ কাৰ্যালয়ত তেতিয়া ডাঙৰ তলা। দুপৰীয়াৰ ভাগলৈ কাৰ্যালয়ত উপস্থিত হ’ল মহানগৰ আৰক্ষী। তেতিয়ালৈ তাতো ভিৰ কৰিলে বিনিয়োগকাৰীয়ে।

ইমানপৰে দীপাংকৰ সম্পৰ্কীয় বহু খবৰ আহিল সাংবাদিকৰ হাতলৈ। বিনিয়োগকাৰীৰ ধনেৰে প্ৰেয়সীৰ সৈতে বিলাসী জীৱন কটাইছিল মহাপ্ৰৱঞ্চক দীপাংকৰে। বছৰি দুই তিনিটাকৈ বিদেশ ভ্ৰমণ কৰে দীপাংকৰে। দিল্লী, গোৱা, হায়দৰাবাদত ফ্লেট কিনিছিল দীপাংকৰে। বিদেশতো সম্পত্তি ক্ৰয় কৰিছিল মহাপ্ৰৱঞ্চক দীপাংকৰে। গুৱাহাটীৰ বিভিন্ন স্থানত সম্পত্তি ক্ৰয় দীপাংকৰৰ। জালুকবাৰীৰ এপাৰ্টমেন্টতে আছে কেইবাটাও ফ্লেট।

নলবাৰীতো DB STOCKৰ কাৰ্যালয়ত শতাধিক বিনিয়োগকাৰীৰ ভিৰ। মহাপ্ৰৱঞ্চক দীপাংকৰৰ পলায়নৰ খবৰত মূৰে কপালে হাত দিছে শ শ বিনিয়োগকাৰীয়ে। পুত্ৰৰ এই কাণ্ডৰ পিছতে মুখ খুলিছে একালৰ প্ৰৱক্তা পিতৃ চবিন বৰ্মনে। বিনিয়োগকাৰীক মূলধন ঘূৰাই দিবলৈ পুত্ৰক আহ্বান।

মন কৰিবলগীয়া কথাটো হ’ল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মণৰ প্ৰৱঞ্চনা আৰু লুণ্ঠনৰ সমগ্ৰ কাহিনীত প্ৰৱঞ্চিত লোকসকল ধনী আৰু শিক্ষিত। ইয়াত দৰিদ্ৰ-অশিক্ষিতৰ কোনো কথা নাই। এয়া টকাত টকা বঢ়োৱাৰ হাইপ্ৰ’ফাইল খেল। ১৫০ কোটি, ১০০ কোটি, ৭৭ কোটি, ৬৯ কোটি, ২৫ কোটি- ক’ৰ পৰা আহে ইমান টকা? সহজ ধনৰ প্ৰতি কিয় এই লালসা? এই কাহিনীয়ে ষ্টক ব্ৰ’কিঙৰ নামত চলি থকা প্ৰৱঞ্চনাৰ অন্য এখন পৃথিৱীৰ তথ্য পোহৰলৈ আনিছে। লগতে পোহৰলৈ আনিছে ধন আৰু শিক্ষা থকাৰ পিছতো সহজ ধনৰ প্ৰতি থকা একাংশ সীমাহীন লালসা।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...