ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ ঘৰুৱা মেচৰ আৰম্ভনি গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব৷
উল্লেখ্য যে ক্ৰমাগত তৃতীয়বাৰৰ বাবে গুৱাহাটীক গৃহ চহৰ হিচাপে লৈছে ৰাজস্থান ৰয়েলছে৷ এইবাৰ গুৱাহাটীৰ পৰাই দলটোৰ ঘৰুৱা মেচৰো যাত্ৰাৰ আৰম্ভনি৷ নতুন শ্ল’গানেৰে অসম তথা উত্তৰ পূৱৰ জনসাধাৰণৰ মৰম বিচাৰি গুৱাহাটীলৈ আহিছে ৰাজস্থান ৰয়েলছ৷ আৰ আৰৰ নতুন শ্ল’গান হ’ল ঃ ‘এটা দল, দুখন ঘৰ৷ জন্ম ৰাজস্থানত, উদযাপন অসমত৷’ যোৱা দুটা ছিজনত ৰাজস্থান ৰয়েলছক উত্তৰ পূৱৰ জনগনে যি অকৃটিম মৰমৰে আকোৱালী লৈছে তাক লৈ দলটো স্বাভাৱিকতে আবেগিক৷
আজি বি চি চি আয়ে আই পি এলৰ আনুষ্ঠানিক সূচী ঘোষণা কৰাৰ পাছতে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসম গৌৰৱ সন্তান ৰঞ্জিত বৰঠাকুৰে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘মই বি চি চি আই আৰু অসম চৰকাৰ লগতে অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছো যে গুৱাহাটীত তৃতীয়বাৰৰ বাবে মেচ খেলাৰ আমাৰ হেপাহক সহযোগিতা কৰিছে৷ অসমবাসীৰ মৰম আমি পাহৰিব নোৱাৰো৷ আমাৰ লক্ষ্য খেলৰ মাধ্যমৰে অসম তথা উত্তৰ পূৱৰ সামগ্ৰিক উত্তৰণ৷ আমি এই অঞ্চলৰ পৰা নতুন প্ৰতিভাক ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক মঞ্চলৈ লৈ যোৱাৰ বাবে সদায়ে চেষ্টা কৰি আহিছো৷ নতুন প্ৰজন্মৰ আশা আৰু সপোনক বাস্তৱ কৰাৰ দিশত ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ আমাৰ লক্ষ্য উত্তৰ পূৱত আশাৰ পৰিৱেশ গঢ়ি তোলা৷’
ইফালে, এইবাৰ ৰাজস্থান ৰয়েলছে গুৱাহাটীত মেচ খেলাই নহয় দলে অনুশীলন শিবিৰো বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামত সোমবাৰৰ পৰা আৰম্ভ কৰিব৷ ইতিমধ্যে আজি আহি গুৱাহাটীত উপস্থিত হৈছে দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু স্পীন বলিং প্ৰশিক্ষক ছৈৰাজ বহুতুলে৷ তদুপৰি দলটোৰ সদস্য অসম সন্তান ৰিয়ান পৰাগ, নীতিশ ৰানা, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, অশোক শৰ্মা, আকাশ মাধৱাল, সন্দিপ শৰ্মাও মহানগৰীত উপস্থিত হৈছে৷ অহা ২২ ফেব্ৰুৱাৰীলৈ এই বিশেষ শিবিৰ অনুষ্ঠিত হ’ব৷
ইফালে, যোৱাবাৰ কে কে আৰ আৰু এইবাৰ চেন্নাই ছুপাৰ কিংছৰ দৰে আই পি এলৰ চেম্পিয়ন দলক গুৱাহাটীলৈ অনাৰ সন্দৰ্ভত বৰঠাকুৰে কয় ‘গুৱাহাটীত আই পি এল আয়োজন কৰি ধন ঘটাৰ অভিপ্ৰায় আমাৰ নাই৷ আমাৰ লক্ষ্য অসম তথা উত্তৰ-পূৱৰ জনগনক দেশৰ অন্য চহৰৰ লোকৰ দৰেই শ্ৰেষ্ঠখিনি উপহাৰ দিয়া৷ আমি আশাবাদী যে ক্ৰিকেটৰ জড়িয়তে অসম আৰু উত্তৰ-পূৱৰ ক্ৰীড়া, অৰ্থনীতি, পৰ্যটনৰ দ্ৰুত উত্তৰন কৰাটো সম্ভব৷ আমাৰ প্ৰতিভা আৰু শক্তি পৰিধি ভাঙি আগুৱাই যাব৷ আই পি এলে যি ইতিবাচক পৰিৱেশ সৃষ্টি কৰিছে সেয়া যিমানেই প্ৰসাৰ ঘটিব সিমানেই আমাৰ ৰাজ্যখনো উত্তৰণৰ দিশে অশ্বমেধৰ ঘোঁৰাৰ দৰে আগুৱাই যাব৷’