জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক হত্যাৰ ভাবুকি দিয়া কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবৰ তীব্ৰ গৰিহণা

পাঠশালাৰ জ্যেষ্ঠ সাংবাদিক তথা NKTV PLUSৰ সাংবাদিক ৰাণা ডেকাক প্ৰাক্তন প্ৰশাসনিক বিষয়া হিতেশ দেৱ শৰ্মাই হত্যাৰ ভাবুকি প্ৰদান কৰিছে। হিতেশ দেৱ শৰ্মা এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াৰো পিতৃ। উক্ত আৰক্ষী বিষয়াগৰাকীয়ে প্ৰতিবাদী ৰাইজৰ ওপৰত নিৰ্মম প্ৰহাৰ চলোৱা ঘটনাৰ ভিডিঅ’ আৰু বাতৰি সংগ্ৰহ কৰি প্ৰকাশ কৰাৰ বাবেই ৰাণা ডেকাক এই ভাবুকি দিয়া বুলি অভিযোগ উঠিছে।

ভাবুকিৰ অডিঅ’ প্ৰমাণ ইতিমধ্যে সংবাদ মাধ্যমৰ হাতত আহি পৰিছে। তাত হিতেশ দেৱ শৰ্মাই ৰাণা ডেকাক “গাড়ীৰে খুন্দিয়াই মাৰিলে কি হ’ব…”, “তোমাৰ আঠ বছৰীয়া সন্তানৰ যদি কিবা হয় তেন্তে কি হ’ব…” আদি কথাৰে স্পষ্টভাৱে হত্যাৰ ভাবুকি দিয়া শুনা গৈছে। লগতে তেওঁ ৰাণা ডেকাৰ বিৰুদ্ধে ‘প্ৰতিবাদী ৰাইজক উচটনি দিয়া’ আৰু ‘ভিডিঅ’ মৰ্ফ কৰি প্ৰচাৰ কৰা’ৰো অভিযোগ উত্থাপন হৈছে।

এই ঘটনাৰ তীব্ৰ নিন্দা কৰি গুৱাহাটী প্ৰেছ ক্লাৱে এক বিবৃতিত কয় যে, “সংবাদ সংগ্ৰহ আৰু পৰিবেশনৰ বাবেই সাংবাদিকক এনে হত্যাৰ ভাবুকি দিয়াটো সংবাদ জগতৰ ওপৰত পৰিকল্পিত আক্ৰমণ। একাংশ হতাশগ্ৰস্ত আমোলাই বিভিন্ন সময়ত সাংবাদিকসকলক লক্ষ্য কৰি লৈছে।”

ইতিমধ্যে ৰাণা ডেকাই এই সন্দৰ্ভত পাঠশালা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

গুৱাহাটী প্ৰেছ ক্লাৱে ৰাজ্য চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ পৰা দাবী জনাইছে যে—

  • এই ঘটনাৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰা হওক,
  • দোষী ব্যক্তি যিমানেই প্ৰভাৱশালী নহওক কিয়, তেওঁক ততালিকে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হওক,
  • ৰাণা ডেকা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক তাৎক্ষণিক সুৰক্ষা প্ৰদান কৰা হওক।

প্ৰেছ ক্লাবে লগতে সদৰি কৰে যে, “সাংবাদিকসকলে কেতিয়াও নিজকে আইনৰ ঊৰ্ধ্বত বুলি ভবা নাই। আমি কেৱল আমাৰ দায়িত্ব আৰু সত্যনিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছোঁ। সত্য উদঘাটন কৰাৰ বাবেই সাংবাদিকক হত্যাৰ ভাবুকি দিয়াটো কোনো অৱস্থাতে গ্ৰহণযোগ্য নহয়।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...