বিদেশলৈ যাত্ৰা কৰিম বুলি ভাবি আছে নেকি? আপোনাৰ বাবে আছে এটা সুখবৰ

আপুনি বাৰু বিদেশলৈ যাত্ৰা কৰিম বুলি ভাবি আছে নেকি? বিদেশ ভ্ৰমণৰ ভিছা আবেদনৰ বাবে বায়’মেট্ৰিক্স দিবলৈ দিল্লী বা মুম্বাইলৈ গৈ লাগিছে নেকি আমনি? কিয়নো এতিয়ালৈকে এই প্ৰক্ৰিয়া কেৱল দিল্লী বা মুম্বাইতে সম্পন্ন হৈছিল। শীঘ্ৰেই এই প্ৰক্ৰিয়া অসম আৰু উত্তৰ পূববাসীৰ বাবে ইতিহাস হৈ পৰিব। ভি এফ এছ গ্লোবেলে মূলতঃ গুৱাহাটীত ৬০+ দেশৰ বাবে সমৰ্পিত ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ নীতিগত সম্মতি প্ৰকাশ কৰিছে। খুব সোনকালেই কোন কোন দেশৰ ভিছা আবেদন গুৱাহাটীত কৰিব পাৰিব, কেন্দ্ৰ খোলাৰ সময়সূচী আদিকে ধৰি সবিশেষ তথ্য আপোনালোকক অৱগত কৰা হ’ব। এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস: ভাৰতত পেট্ৰ’ল-ডিজেলৰ দাম কমোৱাৰ ইংগিত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ

অনাগত কেইটামান সপ্তাহ ধৰি যদিহে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ...

পবিতৰা অভয়াৰণ্যত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা: ৰাজ্যত ৪খনকৈ নতুন বন আঁচনি ঘোষণা

চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যজুৰি উদযাপন...

ভাৰতলৈ ১০ বিলিয়ন ডলাৰৰ জাপানী বিনিয়োগ আনিব ১২০খন ব্যৱসায়িক চুক্তিয়ে: হায়দৰাবাদ হাউছৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত জাপানৰ...