জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক হত্যাৰ ভাবুকি দিয়া কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবৰ তীব্ৰ গৰিহণা

পাঠশালাৰ জ্যেষ্ঠ সাংবাদিক তথা NKTV PLUSৰ সাংবাদিক ৰাণা ডেকাক প্ৰাক্তন প্ৰশাসনিক বিষয়া হিতেশ দেৱ শৰ্মাই হত্যাৰ ভাবুকি প্ৰদান কৰিছে। হিতেশ দেৱ শৰ্মা এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াৰো পিতৃ। উক্ত আৰক্ষী বিষয়াগৰাকীয়ে প্ৰতিবাদী ৰাইজৰ ওপৰত নিৰ্মম প্ৰহাৰ চলোৱা ঘটনাৰ ভিডিঅ’ আৰু বাতৰি সংগ্ৰহ কৰি প্ৰকাশ কৰাৰ বাবেই ৰাণা ডেকাক এই ভাবুকি দিয়া বুলি অভিযোগ উঠিছে।

ভাবুকিৰ অডিঅ’ প্ৰমাণ ইতিমধ্যে সংবাদ মাধ্যমৰ হাতত আহি পৰিছে। তাত হিতেশ দেৱ শৰ্মাই ৰাণা ডেকাক “গাড়ীৰে খুন্দিয়াই মাৰিলে কি হ’ব…”, “তোমাৰ আঠ বছৰীয়া সন্তানৰ যদি কিবা হয় তেন্তে কি হ’ব…” আদি কথাৰে স্পষ্টভাৱে হত্যাৰ ভাবুকি দিয়া শুনা গৈছে। লগতে তেওঁ ৰাণা ডেকাৰ বিৰুদ্ধে ‘প্ৰতিবাদী ৰাইজক উচটনি দিয়া’ আৰু ‘ভিডিঅ’ মৰ্ফ কৰি প্ৰচাৰ কৰা’ৰো অভিযোগ উত্থাপন হৈছে।

এই ঘটনাৰ তীব্ৰ নিন্দা কৰি গুৱাহাটী প্ৰেছ ক্লাৱে এক বিবৃতিত কয় যে, “সংবাদ সংগ্ৰহ আৰু পৰিবেশনৰ বাবেই সাংবাদিকক এনে হত্যাৰ ভাবুকি দিয়াটো সংবাদ জগতৰ ওপৰত পৰিকল্পিত আক্ৰমণ। একাংশ হতাশগ্ৰস্ত আমোলাই বিভিন্ন সময়ত সাংবাদিকসকলক লক্ষ্য কৰি লৈছে।”

ইতিমধ্যে ৰাণা ডেকাই এই সন্দৰ্ভত পাঠশালা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

গুৱাহাটী প্ৰেছ ক্লাৱে ৰাজ্য চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ পৰা দাবী জনাইছে যে—

  • এই ঘটনাৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰা হওক,
  • দোষী ব্যক্তি যিমানেই প্ৰভাৱশালী নহওক কিয়, তেওঁক ততালিকে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হওক,
  • ৰাণা ডেকা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক তাৎক্ষণিক সুৰক্ষা প্ৰদান কৰা হওক।

প্ৰেছ ক্লাবে লগতে সদৰি কৰে যে, “সাংবাদিকসকলে কেতিয়াও নিজকে আইনৰ ঊৰ্ধ্বত বুলি ভবা নাই। আমি কেৱল আমাৰ দায়িত্ব আৰু সত্যনিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছোঁ। সত্য উদঘাটন কৰাৰ বাবেই সাংবাদিকক হত্যাৰ ভাবুকি দিয়াটো কোনো অৱস্থাতে গ্ৰহণযোগ্য নহয়।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...