পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী। প্ৰেমিকে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ গুৱাহাটীৰ যুৱতীক। ডেৰাডুনত অধ্যয়ন কৰি থকা যুৱতীগৰাকীক কৰা হ’ল হত্যা। হত্যা কৰি সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ। প্ৰেমিক ৰোহিত ডুবেইৰ সৈতে ডেৰাডুনৰ পৰা দিল্লীলৈ জন্মদিনৰ পাৰ্টি খাবলৈ গৈছিল গুৱাহাটীৰ ডেইজী নামৰ যুৱতীগৰাকী। পিছে সিই নিশা ডেইজীৰ মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে। পৰিয়ালৰ মতে ডেইজীৰ মূৰত স্পষ্ট হৈ আছিল আঘাতৰ চিন। প্ৰেমিকে পৰিকল্পিতভাৱে ডেইজীক হত্যা কৰাৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ। খেৰকি ডাউলা ছেক্টৰ ৮৩গুৰুগ্ৰাম থানাত এজাহাৰ দাখিল পৰিয়ালৰ। হত্যাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে ডেইজীৰ পৰিয়ালৰ লোকে।

Popular

More like this
Related

ISL চেম্পিয়ন সঞ্জীৱ গোৱেংকাৰ দল; সততে খঙাল ব্যক্তিৰূপে পৰিচিত গোৱেংকাৰ কেইবাটাও নজনা কথা

সঞ্জীৱ গোৱেংকা, ভাৰতৰ এগৰাকী প্ৰখ্যাত উদ্যোগপতি আৰু আৰ পি-সঞ্জীৱ...

মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ

মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। এইবাৰ ভৰলুমুখৰ কালীপুৰত ফুটিল...

২০২৬ৰ IPLৰ এখন মেচ ত্ৰিপুৰাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটপ্ৰেমীৰ বাবে এক উৎসাহজনক খবৰ। ২০২৬ চনৰ ইণ্ডিয়ান...

ম্লান পৰিব নেকি ৰঙালী বিহুৰ আনন্দ? ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা-বৰষুণৰ আগজাননী

ম্লান পৰিব নেকি ৰঙালী বিহুৰ আনন্দ? ৰাজ্যৰ কেইবাখনো জিলাত...