আজি গুৱাহাটী পৌৰ নিগমৰ ভোটগ্ৰহণ

বহু প্ৰতীক্ষাৰ অন্তত আজি গুৱাহাটী পৌৰ নিগমৰ ভোটগ্ৰহণ। EVMত বন্দী হ’ব প্ৰাৰ্থীৰ ভাগ্য। পুৱা ৭.৩০ বজাৰ পৰা গুৱাহাটীৰ ৭৫৭টা ভোটকেন্দ্ৰত ভোটাধিকাৰ গুৱাহাটী মহানগৰ বাসীয়ে। ভোটাৰৰ সংখ্যা ৭ লাখ ৯৭ হাজাৰ ৮০৭ গৰাকী। ইয়াৰে ৩ লাখ ৯৭ হাজাৰ ১২৮ গৰাকী পুৰুষ আৰু ৪লাখ ৬৫৪গৰাকী মহিলা। ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। বিয়লি ৪.৩০ বজাত অন্ত পৰিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে, কঠোৰ নিৰাপত্তা বেষ্টনীৰে সাজু হৈ উঠিছে প্ৰতিটো ভোটকেন্দ্ৰ। গুৱাহাটীত ৱাৰ্ডৰ সংখ্যা ৬০টা যদিও ৫৭ ৱাৰ্ডৰ বাবেহে হ’ব ভোটযুদ্ধ। ৬,৭ আৰু ২২ নম্বৰ ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে প্ৰাৰ্থীয়ে। ব্যাপক প্ৰচাৰৰ পিচত কাৰ দখললৈ যাব গুৱাহাটী পৌৰ নিগম। তাকে লৈ চৰ্চা আৰম্ভ। আগ্ৰাসী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাইছিল শাসকীয় বিজেপি দলে। ইপিনে মুখ্য বিৰোধী দল কংগ্ৰেছৰ বিপৰীতে বিজেপিৰ মূৰৰ কামোৰণি হৈছে আম আদমী পাৰ্টীহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...