আজি গুৱাহাটী পৌৰ নিগমৰ ভোটগ্ৰহণ

বহু প্ৰতীক্ষাৰ অন্তত আজি গুৱাহাটী পৌৰ নিগমৰ ভোটগ্ৰহণ। EVMত বন্দী হ’ব প্ৰাৰ্থীৰ ভাগ্য। পুৱা ৭.৩০ বজাৰ পৰা গুৱাহাটীৰ ৭৫৭টা ভোটকেন্দ্ৰত ভোটাধিকাৰ গুৱাহাটী মহানগৰ বাসীয়ে। ভোটাৰৰ সংখ্যা ৭ লাখ ৯৭ হাজাৰ ৮০৭ গৰাকী। ইয়াৰে ৩ লাখ ৯৭ হাজাৰ ১২৮ গৰাকী পুৰুষ আৰু ৪লাখ ৬৫৪গৰাকী মহিলা। ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। বিয়লি ৪.৩০ বজাত অন্ত পৰিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে, কঠোৰ নিৰাপত্তা বেষ্টনীৰে সাজু হৈ উঠিছে প্ৰতিটো ভোটকেন্দ্ৰ। গুৱাহাটীত ৱাৰ্ডৰ সংখ্যা ৬০টা যদিও ৫৭ ৱাৰ্ডৰ বাবেহে হ’ব ভোটযুদ্ধ। ৬,৭ আৰু ২২ নম্বৰ ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে প্ৰাৰ্থীয়ে। ব্যাপক প্ৰচাৰৰ পিচত কাৰ দখললৈ যাব গুৱাহাটী পৌৰ নিগম। তাকে লৈ চৰ্চা আৰম্ভ। আগ্ৰাসী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাইছিল শাসকীয় বিজেপি দলে। ইপিনে মুখ্য বিৰোধী দল কংগ্ৰেছৰ বিপৰীতে বিজেপিৰ মূৰৰ কামোৰণি হৈছে আম আদমী পাৰ্টীহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...