পকী দলং ভাগি নৈত পৰিল এখনৰ পিছত আনখন গাড়ী

গুজৰাটত পুনৰ সেতু বিপৰ্যয়। পকী দলং ভাগি নৈত পৰিল এখনৰ পিছত আনখন গাড়ী। কেউকাষে লাগিল হৈ চৈ। নিহত ৯, আহত অনেক। উদ্ধাৰ অভিযানত নামিল প্ৰশাসনৰ লগতে স্থানীয় লোক। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে ৪খন গাড়ীসহ ভাগি পৰে সুউচ্চ পকী দলংখনৰ এটা অংশ। নৈত পৰি নোযোৱাকৈ ভগা দলঙত কথমপি ওলমি ৰয় এখন তেল পৰিবাহী টেংকাৰ।

গুজৰাটৰ বৰোদাৰ মহিসাগৰ নদীত বুধবাৰে পুৱাই সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা। ৯ জন লোকৰ মৃতদেঙ উদ্ধাৰ হৈছে। কমেও ১০ জন লোক আহত হৈছে এই দুৰ্ঘটনাত। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

বুধবাৰে পুৱা প্ৰায় ৭ বজাত ভাগি পৰে দলংখন। চলন্ত অৱস্থাতে দুখন ট্ৰাক, এখন ভান আৰু আন এখন গাড়ী নৈত পৰে। স্থানীয় লোকে লগে লগে নৈত নামি গাড়ীকেইখনত থকা লোকসকলক উদ্ধাৰৰ চেষ্টা কৰে।

বৰোদা আৰক্ষীয়ে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ শংকা প্ৰকাশ কৰিছে। দুৰ্ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। গুজৰাটৰ ঘটনাত বিদেশত থকা অৱস্থাতে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। নিহতৰ পৰিয়েলৈ ২ লাখ টকা আৰু আহতলৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰা হৈছে। দলংখন ভাগি পৰা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটিলে। কিন্তু গুজৰাটত দলং ভাগি পৰা ঘটনা এয়াই প্ৰথম নহয়। ২০২২ চনতো মোৰবীত পুনৰ নিৰ্মাণ কৰা এখন ওলোমা দলং চিগি ১৩৫ গৰাকী লোকৰ মৃত্যু হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...