৫ লাখ টকাৰ সীমাৰেখাৰে ক্ৰেডিট কাৰ্ড মুকলি কৰিব চৰকাৰে

২০২৫ চনৰ কেন্দ্ৰীয় বাজেটত প্ৰতিশ্ৰুতি দিয়াৰ দৰে এপ্ৰিল মাহৰ পৰা ক্ষুদ্ৰ উদ্যোগীসকলে ৫ লাখ টকাৰ সীমাৰেখাৰে ক্ৰেডিট কাৰ্ড লাভ কৰিব। এই সুবিধাই অনাগত কেইবছৰমানৰ ভিতৰত ক্ষুদ্ৰ ইউনিটসমূহক অতিৰিক্ত ৩০ হাজাৰ কোটি টকাৰ পুঁজিৰ সুবিধা প্ৰদান কৰিব, যিয়ে ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে অন্যান্য ঋণৰ বিকল্পসমূহৰ পৰিপূৰক হিচাপে কাম কৰিব।

এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আৰু ক্ৰেডিট কাৰ্ড লাভ কৰিবলৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলে পঞ্জীয়ন কৰিব লাগিব। এই প্ৰেক্ষাপটত ৫ লাখ টকাৰ সীমাৰেখাৰে এই ক্ৰেডিট কাৰ্ড লাভ কৰিবলৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ যোগ্যতাৰ মাপকাঠী উল্লেখ কৰা হ’ল।

ক্ৰেডিট লাভৰ বাবে সীমা আৰু চৰ্ত

৫ লাখ টকাৰ সীমাৰেখাৰে এই ক্ৰেডিট কাৰ্ড দোকান চলোৱা আৰু ক্ষুদ্ৰ উৎপাদনত নিয়োজিত ব্যক্তিৰ বাবে উপলব্ধ হ’ব। অৱশ্যে এই ব্যৱসায়ৰ মালিকসকলক তেওঁলোকৰ ইউপিআই লেনদেন, বেংক ষ্টেটমেণ্ট, আৰু ব্যৱসায়িক অৱস্থাৰ মূল্যায়নৰ পিছত ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হ’ব। কাৰ্ডখনৰ বৈধতাৰ সময়সীমা হ’ব এবছৰ। বাৰ্ষিক ১০-২৫ লাখ টকাৰ ভিতৰত ব্যৱসায় কৰাসকলেহে চৰকাৰৰ মাইক্ৰ’ ক্ৰেডিট কাৰ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব।

ব্যৱসায়ীসকলৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া

চৰকাৰে প্ৰদান কৰা এই ক্ৰেডিট কাৰ্ড লাভ কৰিবলৈ দেশজুৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলে উদ্যম পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ পিছত তেওঁলোকে MSME ক্ৰেডিট কাৰ্ড লাভ কৰিব পাৰিব।

Visit the official Udyam portal website: msme.gov.in.
Click on ‘Quick Links’.
Select ‘Udyam Registration’.
Follow the subsequent instructions to complete the registration process.

কেন্দ্ৰীয় চৰকাৰৰ ২০২৫ চনৰ বাজেটত উল্লেখযোগ্যভাৱে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ৫ লাখ টকাৰ সীমাৰেখাৰে ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা কৰা হৈছিল। বাজেটত কৃষক আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবেও কেইবাটাও ৰেহাইৰ ব্যৱস্থা কৰা হয়, লগতে তেওঁলোকৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণৰ বাবে গ্ৰহণ কৰা কেইবাখনো উল্লেখযোগ্য আঁচনি ঘোষণা কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...