৫ লাখ টকাৰ সীমাৰেখাৰে ক্ৰেডিট কাৰ্ড মুকলি কৰিব চৰকাৰে

২০২৫ চনৰ কেন্দ্ৰীয় বাজেটত প্ৰতিশ্ৰুতি দিয়াৰ দৰে এপ্ৰিল মাহৰ পৰা ক্ষুদ্ৰ উদ্যোগীসকলে ৫ লাখ টকাৰ সীমাৰেখাৰে ক্ৰেডিট কাৰ্ড লাভ কৰিব। এই সুবিধাই অনাগত কেইবছৰমানৰ ভিতৰত ক্ষুদ্ৰ ইউনিটসমূহক অতিৰিক্ত ৩০ হাজাৰ কোটি টকাৰ পুঁজিৰ সুবিধা প্ৰদান কৰিব, যিয়ে ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে অন্যান্য ঋণৰ বিকল্পসমূহৰ পৰিপূৰক হিচাপে কাম কৰিব।

এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আৰু ক্ৰেডিট কাৰ্ড লাভ কৰিবলৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলে পঞ্জীয়ন কৰিব লাগিব। এই প্ৰেক্ষাপটত ৫ লাখ টকাৰ সীমাৰেখাৰে এই ক্ৰেডিট কাৰ্ড লাভ কৰিবলৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ যোগ্যতাৰ মাপকাঠী উল্লেখ কৰা হ’ল।

ক্ৰেডিট লাভৰ বাবে সীমা আৰু চৰ্ত

৫ লাখ টকাৰ সীমাৰেখাৰে এই ক্ৰেডিট কাৰ্ড দোকান চলোৱা আৰু ক্ষুদ্ৰ উৎপাদনত নিয়োজিত ব্যক্তিৰ বাবে উপলব্ধ হ’ব। অৱশ্যে এই ব্যৱসায়ৰ মালিকসকলক তেওঁলোকৰ ইউপিআই লেনদেন, বেংক ষ্টেটমেণ্ট, আৰু ব্যৱসায়িক অৱস্থাৰ মূল্যায়নৰ পিছত ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হ’ব। কাৰ্ডখনৰ বৈধতাৰ সময়সীমা হ’ব এবছৰ। বাৰ্ষিক ১০-২৫ লাখ টকাৰ ভিতৰত ব্যৱসায় কৰাসকলেহে চৰকাৰৰ মাইক্ৰ’ ক্ৰেডিট কাৰ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব।

ব্যৱসায়ীসকলৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া

চৰকাৰে প্ৰদান কৰা এই ক্ৰেডিট কাৰ্ড লাভ কৰিবলৈ দেশজুৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলে উদ্যম পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ পিছত তেওঁলোকে MSME ক্ৰেডিট কাৰ্ড লাভ কৰিব পাৰিব।

Visit the official Udyam portal website: msme.gov.in.
Click on ‘Quick Links’.
Select ‘Udyam Registration’.
Follow the subsequent instructions to complete the registration process.

কেন্দ্ৰীয় চৰকাৰৰ ২০২৫ চনৰ বাজেটত উল্লেখযোগ্যভাৱে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ৫ লাখ টকাৰ সীমাৰেখাৰে ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা কৰা হৈছিল। বাজেটত কৃষক আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবেও কেইবাটাও ৰেহাইৰ ব্যৱস্থা কৰা হয়, লগতে তেওঁলোকৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণৰ বাবে গ্ৰহণ কৰা কেইবাখনো উল্লেখযোগ্য আঁচনি ঘোষণা কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...