‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন- ৩’ আৰু ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী-৩’ উন্মোচন ৰাজ্যপাল আচাৰ্যৰ

মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে অসমক দেশৰ ভিতৰত এক নতুন পৰিচিতি দিবলৈ সক্ষম হৈছেঃ ৰাজ্যপাল

গ্ৰন্থ ৰচনাৰ জৰিয়তে মুখ্যমন্ত্রী ড° শৰ্মাই এগৰাকী দক্ষ ৰাজনীতিবিদৰ উপৰি সৃজনশীল সাহিত্যিক হিচাপেও উদ্ভাসিত হৈছেঃ ৰাজ্যপাল

মই পৰৱৰ্তী প্ৰজন্মৰ বাবে এক কর্মযজ্ঞত ব্রতী হৈছোঁ, যিটো প্রজন্মই অসমক দেশৰ আটাইতকৈ গৌৰৱময় ৰাজ্যত পৰিণত কৰিব পাৰেঃ ড° শৰ্মা

দিছপুৰ, ১৯ ডিচেম্বৰঃ জনতা ভৱন পৰিসৰস্থিত লোক সেৱা ভৱনৰ সংবাদ সম্মিলন কক্ষত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী- ৩’ আৰু ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন- ৩’ শীর্ষক গ্রন্থ দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। স্মর্তব্য যে, ২০২৩ বৰ্ষৰ ৫ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ ডায়েৰীৰ প্ৰথম খণ্ডটো উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উন্মোচন কৰিছিল। মুখ্যমন্ত্ৰীৰ ডায়েৰীৰ দ্বিতীয়টো খণ্ডটো তদানীন্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই উন্মোচন কৰিছিল বিগত বৰ্ষৰ ৯ ডিচেম্বৰত। আনহাতে, ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-১’ত ড° শৰ্মাই তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ প্ৰথম বৰ্ষত অংশ লোৱা চৰকাৰী আৰু ৰাজহুৱা বিভিন্ন কাৰ্যসূচীত প্ৰদান কৰা বক্তৃতাসমূহৰ মাজৰ পৰা নিৰ্বাচিত ৩৫টা বক্তৃতা আৰু ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন- ২’ত ড° শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ দ্বিতীয় বৰ্ষত প্ৰদান কৰা বক্তৃতাসমূহৰ মাজৰ পৰা ৬৫টা বক্তৃতা অন্তৰ্ভূক্ত কৰা হৈছিল। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি উন্মোচন কৰা মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন- ৩ত মুখ্যমন্ত্রী ড° শৰ্মাই ২০২৩ চনৰ ১১ মে’ৰ পৰা চলিত বৰ্ষৰ মে’ মাহ পর্যন্ত বিভিন্ন স্থানত প্রদান কৰা বাছকবনীয়া বক্তৃতাসমূহৰ মাজৰ পৰা ৭০ টা বক্তৃতা বাচনি কৰি অন্তৰ্ভূক্ত কৰা হৈছে।

আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই গ্রন্থ উন্মোচন কৰি প্ৰদান কৰা ভাষণত গ্রন্থক মৌন শিক্ষক হিচাপে অভিহিত কৰি কয় যে গ্রন্থ অধ্যয়নে ব্যক্তি এগৰাকীৰ ব্যক্তিত্বৰ পৰিৱৰ্তন ঘটায়। ৰাজ্যপাল আচার্যই মন্তব্য কৰে যে গ্ৰন্থ ৰচনাৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এগৰাকী দক্ষ ৰাজনীতিবিদৰ উপৰি সৃজনশীল সাহিত্যিক হিচাপেও উদ্ভাসিত হৈছে। দিনলিপি লিখাটো এটা সাহসিক কাৰ্য বুলি মন্তব্য কৰি ৰাজ্যপাল আচাৰ্যই কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ব্যস্ততাৰ মাজতো এইদৰে গ্ৰন্থ প্ৰণয়ন কৰি পাঠক সমাজলৈ আগবঢ়াই দিব পৰাটো তেওঁৰ পাৰদৰ্শিতাৰ প্রতীক। ৰাজ্যপাল আচার্যই ভাষণ প্রসংগত মন্তব্য কৰে যে মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে অসমক দেশৰ ভিতৰত এক নতুন পৰিচিতি দিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রী হিচাপে তেওঁৰ কাৰ্যকালত ৰাজ্যখনৰ বিকাশৰ উপৰি ভাষা-সাহিত্যকে ধৰি বিভিন্ন দিশত কাম-কাজ সম্পাদন হৈছে আৰু এয়া সম্ভৱ হৈছে তেওঁৰ কাৰ্যদক্ষতা আৰু নেতৃত্বৰ গুণৰ বাবে। আনহাতে, এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই আজিৰ অনুষ্ঠানত উপস্থিত থাকি গ্রন্থকেইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ড° শৰ্মাই কয় যে মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্ৰহণৰ পিছতে তেওঁ প্ৰদান কৰা বক্তৃতাসমূহৰ সংকলন প্রকাশৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল আৰু সেই সিদ্ধান্তৰ আধাৰতে ইতিমধ্যে দুখনকৈ সংকলন প্রকাশ পাইছে। মুখ্যমন্ত্রীয়ে কয় যে বিভিন্ন উপলক্ষত প্ৰদান কৰা তেওঁ ভাষণসমূহ ব্যক্তিগত বক্তৃতা নাছিল, সেইসমূহ প্রকৃততে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তৃতাহে। সেয়ে স্বাভাৱিকতে সেই বক্তৃতাৰ মাজেৰে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ আদৰ্শ, লক্ষ্য তথা চৰকাৰখনে কিধৰণে কাম কৰি যোৱাৰ প্ৰচেষ্টা লৈছে তাক প্রকাশিত হৈছে। ড°শর্মাই লগতে কয় যে এই বক্তৃতাসমূহৰ মাজেৰে পাঠক সমাজ বিশেষকৈ অনুষ্ঠানসমূহত সমবেত হোৱা ৰাইজে যাতে অসমৰ অতীত তথা ৰাজ্যখনৰ অতীতক উজ্জ্বলাই যোৱা বিভিন্ন ব্যক্তি আৰু সমাজ জীৱনৰ বিষয়ে বহু কথা বুজাৰ লগতে অনুভৱ কৰিব পাৰে তাৰ বাবে তেওঁ প্ৰয়াস কৰিছিল।

মুখ্যমন্ত্রীয়ে কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে লোকপ্রিয় গোপীনাথ বৰদলৈ, বিষুদ্ৰাম মেধিৰ দৰে ব্যক্তিসকলে অসমৰ সমাজ জীৱনত কিধৰণে বিশাল অৱদান আগবঢ়াই গৈছিল নতুবা ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাজ জীৱন তথা তেনে জাতি-জনগোষ্ঠীসমূহৰ পুৰোধা ব্যক্তিসকলৰ কথা বক্তৃতাসমূহৰ মাজেৰে ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে তেওঁ প্রচেষ্টা গ্রহণ কৰিছিল। ভাষণত মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলনখনত পাঠক সমাজে অসমৰ সমাজ জীৱন, ইতিহাস আৰু ৰাজ্যখনলৈ পুৰোধা ব্যক্তিসকলে আগবঢ়াই যোৱা অৱদানৰ বিষয়ে ব্যাপক পৰিসৰত জনাৰ সুযোগ পাব। মুখ্যমন্ত্রীয়ে কয় যে নির্বাচিত বক্তৃতাৰ সংকলন উলিওৱাৰ সময়ত সেই বক্তৃতাসমূহৰ পৰা ৰাজ্যৰ সমাজ জীৱন আৰু বৌদ্ধিক জীৱনক উপকৃত কৰিব পৰা দিশ বিবেচনা কৰা হৈছিল। মুখ্যমন্ত্রীয়ে কয় যে এই বক্তৃতা সংকলনখনৰ জৰিয়তে জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগৰাকীক জনাতকৈ বর্ণিল অসমৰ প্ৰতিচ্ছবি এখনহে দেখিবলৈ পাব। আনহাতে, ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী-৩’ সংকলনটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এই সংকলনটিৰ জৰিয়তে সমসাময়িক ঘটনা প্ৰৱাহক ধৰি ৰখাৰ প্ৰচেষ্টা লোৱা হৈছে আৰু এই সংকলনখন ভৱিষ্যৎ ইতিহাসৰ এক সমলত পৰিণত হ’ব। তদুপৰি, এই সংকলনখনে ভৱিষ্যতে এখন পূর্ণাংগ ডায়েৰী লিখাৰ পথো মুকলি কৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে এই লিপিবদ্ধ তথ্যৰ আধাৰত আগ্ৰহীসকলে ৫০ বছৰ পিছত নতুন গৱেষণাৰে আগুৱাই যোৱাৰ সমল লাভ কৰিব। ড° শৰ্মাই লগতে কয় যে তেওঁৰ পৰিয়ালৰ কথা যাতে ডায়েৰীখনত অন্তৰ্ভূক্ত কৰা নহয়, সেই দিশত লক্ষ্য ৰখা হৈছে। এই ডায়েৰীখন হিমন্ত বিশ্ব শৰ্মাৰ নহয়, বৰং অসমৰ মুখ্যমন্ত্ৰীৰ ডায়েৰীহে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিছত প্রতিটো দিনতে ৰাজ্যখনৰ বিকাশ আৰু প্ৰগতিৰ বাবে কৰি অহা বিৰামহীন প্ৰচেষ্টাৰ কথা উল্লেখ কৰি ড° শর্মাই কয় যে বিভিন্ন প্রত্যাহ্বানৰ মাজতো অসমে যে এটা নতুন যুগৰ সৃষ্টি কৰিব পাৰে আৰু বিগত তিনিটা বৰ্ষত এখন নতুন আশাৰ অসম সৃষ্টি কৰাৰ বাবে তেওঁ প্রচেষ্টা গ্রহণ কৰি আহিছে। তেওঁ লগতে কয় যে মুখ্যমন্ত্রী হিচাপে তেওঁ পৰৱৰ্তী প্ৰজন্মৰ বাবে এক কর্মযজ্ঞত ব্রতী হৈছে যিটো প্রজন্মই অসমক দেশৰ আটাইতকৈ গৌৰৱময় ৰাজ্যত পৰিণত কৰিব পাৰে। ড° শর্মাই লগতে মন্তব্য কৰে যে আশাইহে সমাজ এখন জীয়াই ৰাখে আৰু সেয়ে আজি উন্মোচিত হোৱা গ্ৰন্থ দুখনৰ জৰিয়তে জনসাধাৰণলৈ আশাৰ বাতৰি প্ৰেৰণ কৰাৰ বাবে তেওঁ প্ৰয়াস কৰিছে। আজি ৰাজ্যখনে ছেমি কণ্ডাক্টৰ যুগত প্ৰৱেশ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া কৃত্রিম বুদ্ধিমত্তা, ভৱিষ্যমুখী প্রযুক্তিবিদ্যাৰ পৃষ্ঠভূমি হিচাপে অসমক নিৰ্মাণ কৰাৰ লক্ষ্য লোৱা হৈছে।

তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্রাপক বিশিষ্ট লেখিকা তথা সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ড° ধ্ৰুৱজ্যোতি বৰায়ো ভাষণ প্রদান কৰে। অনুষ্ঠানত ৰাজ্যিক মন্ত্রীসভাৰ কেইবাগৰাকীও সদস্য, বিধায়ক, মুখ্য সচিব ড° ৰবি কোটাকে ধৰি ৰাজ্য প্ৰশাসনৰ কেইবাগৰাকী শীর্ষ বিষয়া আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰি মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী উপস্থিত থাকে।

Popular

More like this
Related

দুৰ্ঘটনাত আক্ৰান্তই লাভ কৰিব ‘ধনবিহীন চিকিৎসা’

দুৰ্ঘটনা সংঘটিত হ’লেই প্ৰথমে আহে আহতৰ চিকিৎসা ব্যয় কোনে...

চৰকাৰী পুঁজিৰ অপচয় ৰোধ কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

আৰু কিমান দিনলৈ বিনামূলীয়া সামগ্ৰী লাভ কৰিব জনসাধাৰণে? প্ৰতিটো...

নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল অসম আৰক্ষীৰ জোৱান

নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল অসম আৰক্ষীৰ ১৬ জনীয়া...

কালামাটিৰ ৰেট হোল মাইনিঙত প্ৰকৃততে কিমান শ্ৰমিক আছিল? তেওঁলোক জীয়াই আছেনে?

কালামাটিৰ মৃত্যু গহ্বৰত জীৱন-মৰণৰ যুঁজবুধবাৰে পুৱাই কয়লা খনিৰ পৰা...