ৰাজ্যত পুঁজি বিনিয়োগৰ বাবে চৰকাৰৰ পদক্ষেপ

ৰাজ্যত বিভিন্ন উদ্যোগ গোষ্ঠীৰ বিনিয়োগৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুম্বাইত দেশৰ কেইবাগৰাকী শীৰ্ষ উদ্যোগপতিক সাক্ষাৎ কৰি পুঁজি বিনিয়োগ সন্দৰ্ভত আলোচনাত মিলিত হয়। মৰিগাঁৱৰ জাগীৰোডত ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন কৰিবলৈ লোৱা টাটা গোষ্ঠীৰ মুৰব্বী ৰতন টাটাকে ধৰি আন শীৰ্ষক বিষয়াসকলক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ হকে ধন্যবাদ জ্ঞাপন কৰে। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ পৰীক্ষণ আৰু অন্যান্য সা-সুবিধাকলৈও মুখ্যমন্ত্ৰী শৰ্মাই টাটা প্ৰজেক্ট আৰু টাটা ইলেকট্ৰনিছৰ শীৰ্ষ বিষয়-ববীয়াসকলৰ সৈতে বিস্তৃত আলোচনা কৰে। মুখ্যমন্ত্ৰী শৰ্মাই হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ দেৱ বাজপেয়ী আৰু লীলাৱতী মেডিকেল ট্ৰাষ্টৰ সৌৰভ শৰ্মাকো সাক্ষাৎ কৰে। ইয়াৰোপৰি ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ পৰিচালনা সঞ্চালক পুনিত ছাটৱালকো সাক্ষাৎ কৰি কাজিৰঙাত ভৱিষ্যতে পৰ্যটকৰ সুবিধাৰ বাবে হোটেল আৰু অন্যান্য সা-সুবিধাৰ ক্ষেত্ৰত পুঁজি বিনিয়োগৰ বিষয়তো আলোচনা কৰে। আনহাতে পুনৰ নৱীকৃত শক্তি আৰু অসমত শক্তিৰ চাহিদা পূৰণৰ বাবে পুঁজি বিনিয়োগ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই টাটা পাৱাৰৰ পৰিচালন সঞ্চালক প্ৰবীৰ সিনহা আৰু টাটা কনজিউমাৰ লিমিটেডৰ পৰিচালন সঞ্চালক অজিত কৃষ্ণ কুমাৰৰ সৈতেও আলোচনাত মিলিত হয়।

ৰাজ্যত পুঁজি বিনিয়োগৰ বাবে বৃহৎ পদক্ষেপ ৰাজ্য চৰকাৰৰ
মুম্বাইত শীৰ্ষ উদ্যোগপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ৰতন টাটাক ধন্যবাদ মুখ্যমন্ত্ৰীৰ
টাটা গোষ্ঠীৰ অন্যান্য শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত মুখ্যমন্ত্ৰী
হিন্দুস্তান ইউনিলিভাৰৰ দেৱ বায়পেয়ীকো সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ
আন কেইবাটাও শীৰ্ষ উদ্যোগগোষ্ঠীৰ সৈতেও মুখ্যমন্ত্ৰীৰ আলোচনা
ৰাজ্যত পুঁজি বিনিয়োগৰ বাবে উদ্যোগ গোষ্ঠীক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...