বিভিন্ন ক্ষেত্ৰৰ ৭ মহিলাক সদিচ্ছা বঁটা ২০২৪

মহিলাসকলক নিজৰ ওপৰত অধিক ভৰসা কৰি আগবাঢ়িবলৈ আহ্বান হস্তী বিশেষজ্ঞ পাবৰ্তী বৰুৱাৰ
গুৱাহাটী, ৩ মাৰ্চ : অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ই বিগত বৰ্ষৰ দৰে এইবাৰো নাৰী দিৱসৰ লগত সংগতি ৰাখি অসমৰ সমাজ, সাহিত্য, উদ্যোগ, ক্ৰীড়া আৰু সাংবাদিক ক্ষেত্ৰলৈ সেৱা আগবঢ়াই নিজৰ লগতে সমাজক অনুপ্ৰাণিত কৰা ৬ গৰাকী নাৰীক ‘সদিচ্ছা বঁটা, ২০২৪’ প্ৰদান কৰে। সংগঠনটোৱে লগতে পোনপ্ৰথমবাৰৰ বাবে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা এগৰাকী নাৰীক ‘সদিচ্ছা বছৰটোৰ শ্ৰেষ্ঠ নাৰী, ২০২৩’ সন্মান প্ৰদান কৰে। ‌অনুষ্ঠানটিত ২০২৪ চনৰ ‘পদ্মশ্ৰী’ আৰু ‘অসম গৌৰৱে’ৰে বিভূষিত হোৱা বিশ্বৰ একমাত্ৰ মহিলা হাতী মাউত তথা হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱাকো ‘সদিচ্ছা’ সংগঠনে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।


দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ এলুমিনী ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ‘সদিচ্ছা বছৰটোৰ শ্ৰেষ্ঠ নাৰী, ২০২৩’ সন্মানেৰে বিভূষিত কৰা হয় শিক্ষাবিদ, উদ্যোগী তথা সোণাপুৰস্থিত RIPT গ্ৰুপৰ স্বত্বাধিকাৰী ড০ পাৰুল বৰুৱাক । অৰুণা বৰুৱাৰ সোঁৱৰণত সদিচ্ছা সমাজ সেৱা বঁটা ২০২৪ প্ৰদান কৰা হয় সমাজ সেৱাৰে অকলেই এটা অনুষ্ঠানত পৰিণত হোৱা অৰ্পণা হাজৰিকাক। ডিব্ৰুগড়ৰ এটা গেৰেজ, এখন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী প্ৰীতাঞ্জলি মেধি শৰ্মাক প্ৰদান কৰা হয়, সদিচ্ছা উদ্যোগী বঁটা। লগতে অণিমা গগৈ সোঁৱৰণী সদিচ্ছা সাহিত্য বঁটা প্ৰদান কৰা হয় আঘাতৰ বাবে হুইল চেয়াৰত জীৱন পাৰ কৰিবলগীয়া হোৱা কবি মনিকা দাসক। আনহাতে কাঞ্চন হাজৰিকা সোঁৱৰণী সদিচ্ছা ক্ৰীড়া বঁটা এইবাৰ প্ৰদান কৰা হয় আন্তৰ্জাতিক ট্ৰায়েথলন খেলুৱৈ দেৱিকা শৰ্মাক। অনুসন্ধানমূলক সাংবাদিকতাৰে বিশেষ বৰঙণি আগবঢ়োৱা ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ প্ৰাক্তন সাংবাদিক তৰা আগৰৱালাক উপেন্দ্ৰ চন্দ্ৰ ভৰালী সদিচ্ছা সাংবাদিক বঁটাৰে সন্মানিত কৰা হয়। শোভা বৰুৱা সদিচ্ছা অনুপ্ৰেৰণা বঁটা লাভ কৰে গায়িকা, সংগীত শিক্ষক তথা সাংবাদিক পূৰ্বালী শৰ্মা।
অনুষ্ঠানত পাৰ্বতী বৰুৱাৰ উপৰিও অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড০ অৰুপ কুমাৰ মিশ্ৰ, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব ইন্দ্ৰানী লস্কৰ, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, সমাজকৰ্মী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে বিশিষ্ট অতিথিৰূপে অংশ লয়। সদিচ্ছাৰ সভাপতি মনালিছা বৰুৱাৰ পৌৰহিত্যত আয়োজিত অনুষ্ঠানটি পৰিচালনা কৰে সাধাৰণ সম্পাদক ময়ূৰী দত্তই। অনুষ্ঠানত এটা সমবেত সংগীতো পৰিৱেশন কৰা হয়।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...