প্ৰিয়বন্ধুৰ বিদায়ত শোকস্তব্ধ প্রিয়বন্ধু

ৰতন নভল টাটা। একো বিশেষণেৰে সম্পূৰ্ণ ন্যাৰ্যতা দিব নোৱাৰা পৰ্বতসম ব্যক্তিত্বই মেলানি মাগিলে জীৱনৰ পৰা। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা টাটা কেৱল শাৰিৰীকভাৱে নোহোৱা হ’ল। ৰৈ গ’ল অলেখ কীৰ্তিৰ কাহিনী। ৰতন টাটাৰ মহাপ্ৰয়াণৰ সময়তে চৰ্চালৈ আহিছে এজন ৩০ বছৰীয়া যুৱ উদ্যোগীৰ কাহিনী। নাম তেওঁৰ শান্তনু নাইডু। প্ৰকৃতিপ্ৰেমী তথা বৰ্তমান টাটা গ্ৰুপৰ অন্যতম সদস্য। টাটাৰ বিদায়ত শান্তনুৱে লিখিলে, ‘বিদায়, মোৰ মৰমৰ লাইটহাউচ’।

৩০ বছৰীয়া শান্তনুৰ জীৱনলৈ প্ৰকৃতপক্ষে পোহৰৰ সম্ভাৰ হৈ আহিছিল ৰতন টাটা। বয়সে টনা–আজুৰা কৰিলেও মনৰে সদায় নবীন টাটাৰ আছিল শান্তনুৰে বন্ধুত্ব। ৰতন টাটাৰ শেহতীয়া জন্মদিন উদযাপনৰ সময়ত সামাজিক মাধ্যমত বিজুলীগতিৰে বিয়পি পৰিছিল এটা বিশেষ ভিডিঅ’। শেষ ভিডিঅ’ত দেখা পোৱা গৈছিল শান্তনু নাইডুক। অৱশ্যে এই ভিডিঅ’ৰ বহু আগৰে পৰাই শান্তনুৰে গাঢ় বন্ধুত্ব টাটাৰ।

শান্তনুৰ সৈতে প্ৰথম যোগাযোগ এটা মৃত কুকুৰক কেন্দ্ৰ কৰি। টাটা এলক্সিত অ’টোম’বাইল ডিজাইন অভিযন্তা হিচাপে যোগদান দিছিল শান্তনুৱে। এদিন ৰাতি কামৰ পৰা উভতি যোৱাৰ পৰত শান্তনুৱে বাটত দেখিছিল মৃত কুকুৰ। প্ৰকৃতিৰ প্ৰতি প্ৰেম থকা শান্তনু ভাগি পৰিছিল। দ্ৰুতবেগী বাহনে মহটিয়াই নিয়া কুকুৰক বচোৱাৰ উপায় বিচাৰিবলৈ লৈছিল। এটা সময়ত উপায় হিচাপে ওলাল ‘বিশেষ কলাৰ’। কিন্তু অৰ্থৰ অভাৱত ৰৈ গৈছিল শান্তনু। এদিন সাহস কৰি শান্তনুৱে চিঠি লিখিলে টাটালৈ। শান্তনুক আচৰিত কৰি টাটাৰ উত্তৰ আহিল। নিমন্ত্ৰণ জনোৱা হ’ল ব্যক্তিগতভাৱে লগ পাবলৈ। সেয়াই আৰম্ভণি। কুকুৰৰ প্ৰতি থকা প্ৰেমে দুয়োজনকে ওচৰ চপালে। ৰতন টাটাই লাভ কৰিলে এজন কমবয়সীয়া বন্ধু। যাৰ সৈতে বিনিময় কৰিবলৈ আৰম্ভ কৰিলে নিজৰ চিন্তা। সেই শান্তনুৱেই এতিয়া টাটা গ্ৰুপৰ অন্যতম ঘনিষ্ঠ সহযোগী। ২০১৮ৰ পৰাই শান্তনুৱে কনিষ্ঠ সহযোগী হিচাপে ৰতন টাটাক সহায় কৰি আহিছিল। ৰতন টাটাই পঢ়া কলেজতে শিক্ষাগ্ৰহণ কৰিছিল শান্তনুৱে। শান্তনুৰ স্নাতক উত্তীৰ্ণৰ অনুষ্ঠানতো উপস্থিত থকাৰ কথা আছিল টাটাৰ।

ব্যস্ততাৰ বাবে হৈ নুঠিল। কিন্তু শান্তনুৰ ঘৰলৈ গৈ টাটাই গ্ৰহণ কৰিলে আহাৰ।শান্তনুৱেও গ্ৰেজুৱেট কেপ পৰিধান কৰি দিলে ফটোৰ প’জ। মাটি যেন মানুহজনৰ বন্ধুত্বত নাছিল বয়সৰ কোনো সীমা। টাটাৰ পৰা উপকৃত হৈছিল শান্তনু। একে সময়তে শান্তনুৰ পৰাও নতুন নতুন চিন্তা শিকিবলৈ চেষ্টা কৰিছিল ৰতন টাটাই। সেই বন্ধুত্বৰ ৰাগ ইতি পৰিল। তথাপি এই অমিয়া কাহিনী বিয়পি থাকিব জীৱন জুৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...