অৱশেষত জুবিন গাৰ্গৰ অনুৰাগীলৈ ভাল খবৰ, জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰখন ঘূৰাই দিবলৈ সন্মত সোণমইনা দাস

জুবিন গাৰ্গৰ সপোনৰ ৰেঞ্জ ৰ’ভাৰখনক লৈ আহিল এক ভাল খবৰ। জুবিনৰ চাৰি বন্ধু বংকিম মেধী, পবিত্ৰ ৰাভা, মানস ভাগৱতী আৰু সমীৰ দত্তৰ তৎপৰতাত গাড়ীখন অসমতে সংৰক্ষণৰ দিশত আগবাঢ়িছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সংবাদমেলযোগে চাৰি বন্ধুৱে জানিবলৈ দিয়ে যে ৰেঞ্জ ৰ’ভাৰখন ঘূৰাই দিবলৈ সন্মত হৈছে সোণমইনা দাস। গাড়ীখন অসমৰ বাহিৰলৈ যোৱাৰ সম্ভাৱনা আছিল যদিও জুবিনৰ শুভাকাংক্ষী হিচাপে অসমতে ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে।

ৰাইজে বিচৰা ধৰণে গাড়ীখন আগবঢ়াই দিয়াৰ আশ্বাস দিছে সোণমইনা দাসে। অৱশ্যে বৰ্তমানলৈ গাড়ীখনৰ নামজাৰি সম্পূৰ্ণ হোৱা নাই। সেয়েহে গাড়ীখন জুবিনৰ নামত সংৰক্ষণ কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰীক শীঘ্ৰে অনুমতি প্ৰদানৰ আহ্বান জনাইছে চাৰি বন্ধুৱে।

লগতে জুবিনৰ সকলো সামগ্ৰী সংৰক্ষণ কৰি ভৱিষ্যৎ প্ৰজন্মক তেওঁৰ জীৱন, কৰ্ম আৰু পছন্দৰ বিষয়ে জনোৱাৰ পোষকতা কৰে তেওঁলোকে। এইক্ষেত্ৰত সোণমইনা দাসক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ উত্তৰোত্তৰ কামনা কৰে জুবিনৰ চাৰি বন্ধুৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাইলৈ গুৱাহাটীত বীৰ লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী, চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন

গুৱাহাটী লাচিত সংঘৰ উদ্যোগত ২৪ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন...

এছিয়াৰ শক্তিশালী দেশৰ তালিকাত তৃতীয় স্থান লাভ ভাৰতৰ, দ্বিতীয় প্ৰভাৱশালী নেতা নৰেন্দ্ৰ মোদী

এছিয়াৰ শক্তিশালী দেশসমূহৰ তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম...

৬টা দশকৰ সংগ্ৰাম আৰু ঐতিহ্যৰ স্মৃতিৰে আছুৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ, উন্মোচন বিশেষ ল’গ’

অসমৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে পৰিচিত...