পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২ অক্টোবৰৰ পৰা ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল।

মানস টাইগাৰ ৰিজাৰ্ভৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ে ২৪ ছেপ্টেম্বৰত জাৰি কৰা এক সাধাৰণ জাননীত এই কথা প্ৰকাশ কৰিছে। ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় তথা ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ নিৰ্ধাৰিত বাৰিষা বন্ধৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অৱশ্যে নতুন পৰ্যটন বৰ্ষত সপ্তাহৰ নিৰ্দিষ্ট দিনত মানসৰ বিভিন্ন ৰেঞ্জ পৰ্যটকৰ বাবে বন্ধ থাকিব। জাননী অনুসৰি, ভূঞাপাৰা ৰেঞ্জ প্ৰতি বৃহস্পতিবাৰে, বাঁশবাৰী ৰেঞ্জ প্ৰতি মঙলবাৰে, কাহিতামা বিট প্ৰতি সোমবাৰে, পানবাৰী ৰেঞ্জ প্ৰতি শুকুৰবাৰে আৰু কুকলুং ৰেঞ্জ প্ৰতি বুধবাৰে বন্ধ থাকিব।

উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি, ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ নিৰ্দেশনা আৰু বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ তথা অসম বন্যপ্ৰাণী সুৰক্ষা বিধি, ১৯৯৭ৰ সংশ্লিষ্ট বিধি অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

২ অক্টোবৰৰ পৰা মানসৰ প্ৰাকৃতিক সৌন্দৰ্য, বন্যপ্ৰাণী আৰু জৈৱ-বৈচিত্ৰ্য উপভোগ কৰাৰ সুযোগ লাভ কৰিব পৰ্যটকসকলে। নতুন পৰ্যটন বৰ্ষত দেশ-বিদেশৰ পৰ্যটকৰ আগমনে মানসৰ পৰ্যটন খণ্ডলৈ নতুন গতি আনিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

এখন ব্যতিক্ৰমী বিয়া; ১২ ঘণ্টাৰ পেৰ’লত কম্বোডিয়ান কইনাৰ সৈতে গেংষ্টাৰৰ বিয়া

কাৰাগাৰত আজীৱন কাৰাদণ্ড খাটি থকা হাৰিয়ানাৰ কুখ্যাত গেংষ্টাৰ মেইনপাল...

হোজাইৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি হিচাপে ইতিহাস ৰচিলে মহচিনা ইমতিয়াজ লস্কৰে

অসম জুডিচিয়েল ছাৰ্ভিচেছ (AJS) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হোজাই...