এইবাৰ বহিঃৰাষ্ট্ৰৰ পৰা অনা সোণ অসমৰ ভিতৰেৰে সৰবৰাহৰ চেষ্টা

মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ হৈছে ড্ৰাগ্ছ। এছ টি এফ, আৰক্ষীৰ অভিযানত কেতিয়াবা যদি ১৮ কোটিৰ ড্ৰাগ্ছ জব্দ হৈছে কেতিয়াবা ড্ৰাগ্ছ জব্দ হৈছে ২১ কোটিৰ। এইবাৰ বহিঃৰাষ্ট্ৰৰ পৰা অনা সোণ অসমৰ ভিতৰেৰে সৰবৰাহৰ চেষ্টা। যোৰাবাটত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে সোণ। আটক কৰিলে ৪জনক।

নাম জন্নত, থাকিব থানাত
হালধীয়া নম্বৰ প্লেটৰ গাড়ী
হালধীয়া পোছাক আৰু সোণ

গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ পাছতেই এছ টি এফৰ ডি আই জি পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশত নাকা চেকিং বহিল যোৰাবাটত। এছ টি এফ আৰু আৰক্ষীয়ে ইখনৰ পাছত সিখন বাহনত তালাচী চলালে। হঠাত আহি ৰৈ গল এইখন ML 05N 8712 নম্বৰৰ হুণ্ডাই এক্সেন্ট বাহন। বাহনখনৰ ভিতৰত মহিলাসহ কেইবাজনো যাত্ৰী। আৰক্ষীয়ে চলালে তালাচী। তালাচীতেই আৰক্ষীয়ে জব্দ কৰিলে সোণ।

সোণখিনিৰ ওজন ৫১৮ গ্ৰাম। বহিঃৰাষ্ট্ৰৰ পৰা চুবুৰীয়া মেঘালয় হৈ যোৰাবাটলৈ সৰবৰাহ কৰা হৈছিল সোণখিনি। তেতিয়াই আৰক্ষীয়ে অভিযান চলালে। আৰক্ষীৰ জালত পৰিল মহিলাসহ চাৰিজন লোক। আটক হ’ল – ইনায়ৎ আলি, মহম্মদ য়ুচুফ, ভীৰু সিং, জন্নত বেগম।

কিন্তু এয়া চিন্তনীয় বিষয়। মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ হৈছে ড্ৰাগ্ছ। এছ টি এফ, আৰক্ষীৰ অভিযানত কেতিয়াবা যদি ১৮ কোটিৰ ড্ৰাগ্ছ জব্দ হৈছে কেতিয়াবা ড্ৰাগ্ছ জব্দ হৈছে ২১ কোটিৰ। ৰাজ্যজুৰি নকল সোণ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধেও ধাৰাবাহিক অভিযান চলাইছে আৰক্ষীয়ে। তাৰ মাজতেই এইবাৰ বহিঃৰাষ্ট্ৰৰ পৰা মেঘালয় হৈ অসমৰ মাজেৰে ৰাজস্থানলৈ সোণ সৰবৰাহৰ চক্ৰান্ত। ধৃত চাৰিজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...