এইবাৰ অসমত টেবুল টেনিছ প্ৰিমিয়াৰ লীগ, মন্ত্ৰী পীযূষ হাজৰিকাৰ উদ্যোগ

এইবাৰ অসমত টেবুল টেনিছ প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হব। অহা ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ। এই লীগৰ আয়োজক সমিতিৰ অধ্যক্ষৰ দায়িত্বত আছে মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযূষ হাজৰিকা। ৰাজ্যৰ আগশাৰীৰ টেবুল টেনিছ খেলৰ প্ৰতিষ্ঠান নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেছনে অসমত অনুষ্ঠিত কৰিছে টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ ২০২২। উল্লেখ্য যে, লীগখনৰ সফল আয়োজনৰ বাবে মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাত মিলিত হয় নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেছনৰ মুখ্য প্ৰশিক্ষক তথা প্ৰিমিয়াৰ লীগৰ আয়োজক সমিতিৰ সচিব প্ৰধান মানস প্ৰতিম দাসে। জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাও প্ৰিমিয়াৰ লীগখনৰ সফল আয়োজনৰ ওপৰত গুৰুত্ব দিয়ে আৰু সকলো সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...