এইবাৰ অসমত টেবুল টেনিছ প্ৰিমিয়াৰ লীগ, মন্ত্ৰী পীযূষ হাজৰিকাৰ উদ্যোগ

এইবাৰ অসমত টেবুল টেনিছ প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হব। অহা ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ। এই লীগৰ আয়োজক সমিতিৰ অধ্যক্ষৰ দায়িত্বত আছে মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযূষ হাজৰিকা। ৰাজ্যৰ আগশাৰীৰ টেবুল টেনিছ খেলৰ প্ৰতিষ্ঠান নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেছনে অসমত অনুষ্ঠিত কৰিছে টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ ২০২২। উল্লেখ্য যে, লীগখনৰ সফল আয়োজনৰ বাবে মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাত মিলিত হয় নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেছনৰ মুখ্য প্ৰশিক্ষক তথা প্ৰিমিয়াৰ লীগৰ আয়োজক সমিতিৰ সচিব প্ৰধান মানস প্ৰতিম দাসে। জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাও প্ৰিমিয়াৰ লীগখনৰ সফল আয়োজনৰ ওপৰত গুৰুত্ব দিয়ে আৰু সকলো সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...