কিন্তু মৰম দিয়াটো শাস্তিযোগ্য অপৰাধ নহয় : জুবিন গাৰ্গ

জুবিন গাৰ্গ… অসমৰ লক্ষ লক্ষ অনুৰাগীৰ আকাংক্ষাৰ নাম জুবিন। ক’ৰবাত যদি জুবিনে আৰ্তজনৰ সহায়ৰ বাবে কৰা কামে চৰ্চা লাভ কৰিছে আন ক’ৰবাত চৰ্চা জুবিনৰ মন্তব্যৰ। বিহুমঞ্চত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি নিলম্বিত হ’ল জুবিন অনুৰাগী হোমগাৰ্ড মিলিপ্ৰভা। তাৰ পাছতে জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত – ‘মৰম দিয়াটো শাস্তিযোগ্য অপৰাধ নহয়’।

কণ্ঠশিল্পী জুবিন গাৰ্গৰ এটা ফেচবুক পোষ্ট
‘ইউনিফৰ্মত থাকিলে কিছু নীতি-নিৰ্দেশনা থাকে’
‘কিন্তু মৰম দিয়াটো শাস্তিযোগ্য অপৰাধ নহয়’
চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ উদ্যোগত আয়োজিত হৈছিল বসন্ত উৎসৱ ২০২৪
তাৰ মাজতে বিশেষ দৃশ্য বন্দী হ’ল সকলোৰে ম’বাইলত
ক্ষন্তেকতে ভাইৰেল হৈ পৰিল এই বিশেষ দৃশ্য
ঘটনাক কেন্দ্ৰ কৰি বহুকেইটা বিষয়ে সমসাময়িকভাৱে মূৰ দাঙি উঠিছে


এয়া কণ্ঠশিল্পী জুবিন গাৰ্গৰ এটা ফেচবুক পোষ্ট। ফেচবুক পোষ্টটোত সংলগ্ন হৈ আছে এটি বিশেষ বাতৰি। এগৰাকী মহিলা গৃহৰক্ষীৰ নিলম্বনৰ খবৰ। এই পোষ্টটোৰ বিষয়ে বিশদ জানিবলৈ আমি কিছুদিন আগলৈ যাব লাগিব।
চাবুৱা, তাৰিখ ১০ মে’
চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ উদ্যোগত আয়োজিত হৈছিল বসন্ত উৎসৱ ২০২৪। বসন্ত উৎসৱৰ মুখ্য আকৰ্ষণ জুবিন গাৰ্গ। অৱধাৰিতভাৱেই জুবিন গাৰ্গে পৰিৱেশন কৰি গৈছিল এটাৰ পিছত আন এটা জনপ্ৰিয় গীত।
তাৰমাজতে এটা বিশেষ দৃশ্য বন্দী হ’ল সকলোৰে ম’বাইলত। ক্ষন্তেকতে ভাইৰেল হৈ পৰিল এই বিশেষ দৃশ্য। অনুষ্ঠানৰ মাজতে এগৰাকী ইউনিফৰ্ম পৰিহিত মহিলা গৃহৰক্ষী জোৱানে জুবিন গাৰ্গৰ নিকটত ৰৈ যাচিছে মৰম। আৱেগ বিহ্বল মহিলা গৃহৰক্ষীগৰাকীয়ে জুবিনক জনালে ভৰি চুই সেৱা।

জনতাৰ কিৰীলিৰ মাজত জুবিনে ক’লে – অনুৰাগীৰ প্ৰতি থকা মৰমৰ কথা। অনুৰাগী মিলিপ্ৰভাৰ নাম ধৰি জুবিনে গালে ‘মায়াবিনী’। মায়াময় সেই নিশাৰ পিছতে শাস্তিৰ সন্মুখীন হ’ল হোমগাৰ্ড মিলিপ্ৰভা
অসম আৰক্ষীয়ে নিলম্বন কৰিলে মিলিপ্ৰভাক। সংবাদ মাধ্যমত সম্প্ৰচাৰ হ’ল জুবিনক আলিংগন কৰি নিলম্বিত হোৱা মিলিপ্ৰভাৰ বাতৰি। বাতৰিৰ পাছতে প্ৰতিক্ৰিয়া। শাস্তি উঠাই ল’বলৈ আহ্বান।

কিন্তু সেই ভিডিঅ’ৰ সমানে সমানে চৰ্চিত ভিডিঅ’টোৰ আন এটি কোণৰ দৃশ্য। ভিডিঅ’টোত স্পষ্টকৈ দেখা পোৱা গৈছে হাত বাউল দি জুবিন গাৰ্গে মাতিছে কাৰোবাক। আৰু তাৰ ক্ষন্তেক পাছতেই দেখা গৈছে মহিলা গৃহৰক্ষী জোৱানগৰাকী আগবাঢ়ি অহাৰ দৃশ্য। প্ৰত্যক্ষদৰ্শীৰো একেই কথা।

অৱশ্যে ঘটনা সন্দৰ্ভত অনুষ্ঠানৰ আয়োজকেও দিছে কিছু গুৰুত্বপূৰ্ণ তথ্য।
ঘটনাৰ সময়ত মঞ্চৰ দায়িত্বত নাছিল হোমগাৰ্ড মিলিপ্ৰভা।

আয়োজকেও অনুৰোধ জনাইছে মহিলা গৃহৰক্ষীগৰাকীক নিলম্বনৰ পৰা ৰেহাই দিবলৈ। সমগ্ৰ ঘটনা সম্পৰ্কে জুবিন গাৰ্গেও কৰিলে এই প’ষ্ট প’ষ্টত লিখিছে – I know there are norms attached to uniforms. But, love is not, and must not be, a punishable offence.

বনজুইৰ দৰে বিয়পি পৰা ঘটনাৰ পাছতে মুখ খুলিছে মহিলা গৃহৰক্ষীগৰাকীয়ে…
ক’লে মঞ্চত কিদৰে হ’ল ঘটনা। অৱশ্যে তেওঁক নিলম্বন কৰা হোৱা নাই বুলিও মন্তব্য

কৃতকৰ্মৰ বাবে ক্ষমাপ্ৰাৰ্থনাও কৰিলে গৃহৰক্ষী জোৱানগৰাকীয়ে। ঘটনাক কেন্দ্ৰ কৰি বহুকেইটা বিষয়ে সমসাময়িকভাৱে মূৰ দাঙি উঠিছে। শিল্পীলৈ অনুৰাগ, দায়িত্বশীলতা, শিল্পীৰ আহ্বান আৰু এটা সাধাৰণ কথাক লৈ উৰ্ধতন কতৃপক্ষৰ কঠোৰতা… এই সকলোবোৰেই প্ৰশ্নৰ আওতাত।

2 COMMENTS

  1. Good post. I study something more difficult on totally different blogs everyday. It’ll at all times be stimulating to learn content material from different writers and follow somewhat one thing from their store. I’d desire to use some with the content on my blog whether you don’t mind. Natually I’ll give you a link on your net blog. Thanks for sharing.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দ্ৰুতগতিত হ্ৰাস চীনৰ জনসংখ্যা

কেইটামান বছৰৰ পূৰ্বে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ আছিল চীন।...

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত ওদালগুৰি-চৰাইদেউ

ওদালগুৰি আৰু চৰাইদেউৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ...

RRৰ অধিনায়ক পদ লাভ কৰি গৌৰৱান্বিত ৰিয়ান পৰাগ

‘IPL দল এটাক নেতৃত্ব দিব পৰাটো মোৰ বাবে গৌৰৱৰ...

বোকাখাতত ভুলুণ্ঠিত মানৱতা, পাষাণ পিতৃ-মাতৃয়ে মোনাত ভৰাই পেলাই থৈ গ’ল নৱজাতকক

কংক্ৰিটৰ এই পৃথিৱীৰ মাজত মানুহৰ মনবোৰো কংক্ৰিটৰ দৰে হৈ...