২০২৩ৰ ভিতৰত সম্পূর্ণ হৈ উঠিব গুৱাহাটী- উত্তৰ গুৱাহাটী সংযােগী দলং নিৰ্মাণৰ কাম

গুৱাহাটী, ১৬ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লােকনির্মাণ (পথ) বিভাগৰ গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী উত্তৰ গুৱাহাটী সংযােগী নির্মীয়মান দলঙখনৰ কাম-কাজৰ অগ্রগতি, ব্রহ্মপুত্র নদীৰ ওপৰত পলাশবাৰী শুৱালকুছি সংযােগী প্রস্তাবিত দলঙৰ প্ৰাৰম্ভিক কাম-কাজৰ পর্যালােচনাৰ লগতে ‘অসম মালা’ আঁচনিৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন পথ প্ৰকল্পৰ অগ্ৰগতিৰ বিতং বুজ লয়। বৈঠকত লােকনির্মাণ বিভাগৰ তৰফৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযােগী নির্মীয়মান দলং, ব্রহ্মপুত্র নদীৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযােগী প্রস্তাৱিত দলঙৰ ওপৰত যুগুতােৱা এক বিস্তৃত প্রেজেন্টেশ্যনাে আগবঢ়োৱা হয়। বৈঠকত বিভাগে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযােগী দলঙৰ নির্মাণ কার্যই যথেষ্ট অগ্রগতি লাভ কৰিছে বুলি মুখ্যমন্ত্রীক অৱগত কৰে। প্রায় ৩৭ শতাংশ কাম সম্পূর্ণ হােৱা এই দলংখনৰ নিৰ্মাণ ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে বিভাগক নির্দেশ দিয়ে। আনহাতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযােগী প্রস্তাৱিত দলংখনৰ ‘এলাইনমেন্ট’ আজিৰ বৈঠকতে চূড়ান্ত কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই দলংখন চাৰিলেনযুক্ত কৰাৰ বাবে আজিৰ বৈঠকতে নির্দেশ দিয়াৰ লগতে এই সম্বন্ধে যাৱতীয় মডেল তথা বিস্তৃত প্রকল্প প্রতিবেদন অতি শীঘ্ৰে প্রস্তুত কৰিবলৈ বিভাগক নির্দেশ দিয়ে। তেওঁ কয় যে, কোনাে কাৰণতে যাতে কামৰ অগ্রগতি ব্যাহত নহয় সেয়া বিভাগে নিশ্চিত কৰিব লাগিব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...