জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আহিব বৰপেটা সত্ৰৰ দৌল মহোৎসৱলৈ

বৰপেটা সত্ৰলৈ আহিব জৰ্জিয়াৰ ৰাষ্ট্ৰদূত ৷ বৰপেটা সত্ৰত অনুষ্ঠিত বিখ্যাত দৌল মহোৎসৱ দৰ্শন কৰিবলৈ বৰপেটা সত্ৰলৈ আহিব জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্ছিল জুলিয়াছভিলি৷ বৰপেটাৰ জিলা উপায়ুক্তই জনোৱা অনুসৰি জৰ্জিয়াৰ ৰাষ্ট্ৰদূতগৰাকী শনিবাৰে বৰপেটা সত্ৰত উপস্থিত হৈ দৌল মহোৎসৱত অংশ ল’ব৷ বৰপেটাৰ বিখ্যাত দৌলৰ আনন্দ উপভোগ কৰাৰ বাবে ৰাষ্ট্ৰদূতগৰাকী গুৱাহাটী হৈ ৰাওনা হ’ব বৰপেটালৈ ৷ নিশাটো গুৱাহাটীত কটাই জৰ্জিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে শনিবাৰে বৰপেটা সত্ৰৰ সুৱেৰীত অংশ ল’ব ৷ বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱে এক সুকীয়া পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱাৰ পিচতেই এগৰাকী ৰাষ্ট্ৰদূতৰ বৰপেটাৰ দৈল মহোৎসৱৰ সুৱেৰীত অংশগ্ৰহণ বৰপেটাবাসীৰ বাবে ভাল খবৰ ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...