এম এছ ধোনীৰ পৰা কপিল দেৱলৈ, ভাৰতীয় সেনাত সেৱা আগবঢ়োৱা ৫ ক্ৰিকেটাৰ

ভাৰতীয় সেনাৰ সাহসী আৰু কৌশলগত সন্ত্ৰাসবাদবিৰোধী অভিযান ‘অপাৰেচন সিন্দূৰ’ৰ পিছত ভাৰতৰ ক্ৰীড়া জগতৰ পৰা সেনাৰ প্ৰতি সমৰ্থনৰ ঢল নামিছে। ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰ, গৌতম গম্ভীৰ, হৰভজন সিং, সুৰেশ ৰাইনা, চেতন শৰ্মাৰ পৰা অলিম্পিক আৰু পেৰালিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক, দেৱেন্দ্ৰ ঝাঝাৰিয়া, ক্ৰিকেট তাৰকা শিখৰ ধাৱন, প্ৰজ্ঞান ওজা, ঝুলন গোস্বামী, বৰুণ চক্ৰৱৰ্তী আদি খেলুৱৈসকলে ‘অপাৰেচন সিন্দূৰ’ৰ সমৰ্থনত একত্ৰিত হৈছে।

উল্লেখযোগ্য যে, কিছু ক্ৰিকেটাৰে অতীতত ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল। তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:

৫. চি কে নাইডু
ভাৰতৰ প্ৰথম টেষ্ট অধিনায়ক কৰ্ণেল চি কে নাইডুৱে ১৯৩২-৩৬ চনত দলটোৰ নেতৃত্ব দিছিল। ৭খন টেষ্টত তেওঁ ৩৫০ ৰান আৰু ৯টা উইকেট লাভ কৰিছিল। তেওঁ সেনাত ‘কেপ্তেইন’ আৰু পাছলৈ ‘কৰ্ণেল’ পদবী লাভ কৰিছিল।

৪. হেমু অধিকাৰী
হেমু অধিকাৰীয়ে ১৯৪৭-৫৯ চনত ২১খন টেষ্টত অংশগ্ৰহণ কৰি ৮৭২ ৰান আৰু ৩টা উইকেট লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সেৱাৰ বাবে তেওঁৰ টেষ্ট অভিষেক পলম হৈছিল। তেওঁ লেফটেনেণ্ট কৰ্ণেল হিচাপে সেনাৰ পৰা অৱসৰ লৈছিল।

৩. কপিল দেৱ (লেফটেনেণ্ট কৰ্ণেল)
ভাৰতৰ প্ৰথম বিশ্বকাপ জয়ৰ অধিনায়ক কপিল দেৱে ২০০৮ চনত টেৰিট’ৰিয়েল আৰ্মীত যোগদান কৰি পাছলৈ লেফটেনেণ্ট কৰ্ণেল পদবী লাভ কৰে।

২. শচীন তেণ্ডুলকাৰ
২০১০ চনত ভাৰতৰত্ন শচীন তেণ্ডুলকাৰক ভাৰতীয় বায়ুসেনাই গ্ৰুপ কেপ্তেইনৰ সন্মান প্ৰদান কৰে, তেওঁ এই সন্মান লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়, যদিও তেওঁৰ বিমান চালনাৰ কোনো পটভূমি নাছিল।

১. এম এছ ধোনী
ভাৰতৰ সৰ্বাধিক সফল অধিনায়ক (ট্ৰফীৰ হিচাপত) এম এছ ধোনীক ২০১১ চনত ভাৰতীয় টেৰিট’ৰিয়েল আৰ্মীয়ে লেফটেনেণ্ট কৰ্ণেল পদবীৰে সন্মানিত কৰে।

এই ক্ৰিকেটাৰসকলে কেৱল খেলপথাৰত নহয়, দেশৰ সেৱাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, যি ভাৰতীয় ক্ৰীড়া আৰু সেনাৰ গৌৰৱৰ প্ৰতীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...