এম এছ ধোনীৰ পৰা কপিল দেৱলৈ, ভাৰতীয় সেনাত সেৱা আগবঢ়োৱা ৫ ক্ৰিকেটাৰ

ভাৰতীয় সেনাৰ সাহসী আৰু কৌশলগত সন্ত্ৰাসবাদবিৰোধী অভিযান ‘অপাৰেচন সিন্দূৰ’ৰ পিছত ভাৰতৰ ক্ৰীড়া জগতৰ পৰা সেনাৰ প্ৰতি সমৰ্থনৰ ঢল নামিছে। ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰ, গৌতম গম্ভীৰ, হৰভজন সিং, সুৰেশ ৰাইনা, চেতন শৰ্মাৰ পৰা অলিম্পিক আৰু পেৰালিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক, দেৱেন্দ্ৰ ঝাঝাৰিয়া, ক্ৰিকেট তাৰকা শিখৰ ধাৱন, প্ৰজ্ঞান ওজা, ঝুলন গোস্বামী, বৰুণ চক্ৰৱৰ্তী আদি খেলুৱৈসকলে ‘অপাৰেচন সিন্দূৰ’ৰ সমৰ্থনত একত্ৰিত হৈছে।

উল্লেখযোগ্য যে, কিছু ক্ৰিকেটাৰে অতীতত ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল। তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:

৫. চি কে নাইডু
ভাৰতৰ প্ৰথম টেষ্ট অধিনায়ক কৰ্ণেল চি কে নাইডুৱে ১৯৩২-৩৬ চনত দলটোৰ নেতৃত্ব দিছিল। ৭খন টেষ্টত তেওঁ ৩৫০ ৰান আৰু ৯টা উইকেট লাভ কৰিছিল। তেওঁ সেনাত ‘কেপ্তেইন’ আৰু পাছলৈ ‘কৰ্ণেল’ পদবী লাভ কৰিছিল।

৪. হেমু অধিকাৰী
হেমু অধিকাৰীয়ে ১৯৪৭-৫৯ চনত ২১খন টেষ্টত অংশগ্ৰহণ কৰি ৮৭২ ৰান আৰু ৩টা উইকেট লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সেৱাৰ বাবে তেওঁৰ টেষ্ট অভিষেক পলম হৈছিল। তেওঁ লেফটেনেণ্ট কৰ্ণেল হিচাপে সেনাৰ পৰা অৱসৰ লৈছিল।

৩. কপিল দেৱ (লেফটেনেণ্ট কৰ্ণেল)
ভাৰতৰ প্ৰথম বিশ্বকাপ জয়ৰ অধিনায়ক কপিল দেৱে ২০০৮ চনত টেৰিট’ৰিয়েল আৰ্মীত যোগদান কৰি পাছলৈ লেফটেনেণ্ট কৰ্ণেল পদবী লাভ কৰে।

২. শচীন তেণ্ডুলকাৰ
২০১০ চনত ভাৰতৰত্ন শচীন তেণ্ডুলকাৰক ভাৰতীয় বায়ুসেনাই গ্ৰুপ কেপ্তেইনৰ সন্মান প্ৰদান কৰে, তেওঁ এই সন্মান লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়, যদিও তেওঁৰ বিমান চালনাৰ কোনো পটভূমি নাছিল।

১. এম এছ ধোনী
ভাৰতৰ সৰ্বাধিক সফল অধিনায়ক (ট্ৰফীৰ হিচাপত) এম এছ ধোনীক ২০১১ চনত ভাৰতীয় টেৰিট’ৰিয়েল আৰ্মীয়ে লেফটেনেণ্ট কৰ্ণেল পদবীৰে সন্মানিত কৰে।

এই ক্ৰিকেটাৰসকলে কেৱল খেলপথাৰত নহয়, দেশৰ সেৱাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, যি ভাৰতীয় ক্ৰীড়া আৰু সেনাৰ গৌৰৱৰ প্ৰতীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...