খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ নামত নিবনুৱা ছাত্ৰ-ছাত্ৰীক ৰামঠগন

খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ নামত নিবনুৱা ছাত্ৰ-ছাত্ৰীক ৰামঠগন। সংস্থাপন বিচাৰি হাহাকাৰ কৰি ঘুৰি ফুৰা নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে খাৰুপেটীয়াত। এন এছ ডি চিৰ অধীনত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ জৰিয়তে দৰঙৰ খাৰুপেটীয়াত বেছিক কেয়াৰ ছাপৰ্ট , হোম কেয়াৰ ছাপৰ্ট আৰু ইমাৰ্জেন্সী কেয়াৰ ছাপৰ্ট নামৰ তিনি খন জবৰোল কেন্দ্ৰ খোলা হৈছে। এই আঁচনিৰ অধীনত শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক ক’ভিড-১৯ৰ যুজাৰু হিচাপে সাজু কৰিবলৈ বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰ দায়িত্বত থকা ৰফিকুল ইছলাম নামৰ লোকজনে প্ৰতিজন যুৱক-যুৱতীৰ পৰা ১ হাজাৰ টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে তালিকাত নাম থকা যুৱক-যুৱতীৰ বিপৰীতে নাম নথকা একাংশ যুৱক-যুৱতীৰ পৰা অবৈধ ভাৱে ধন লৈ ভুৱা নিযুক্তি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী যুৱক-যুৱতী সকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...