দোকানত প্ৰতাৰিত হৈছে নেকি আপুনি? ফোনযোগে অভিযোগ দিয়ক এই নম্বৰত…

বিভিন্ন সময়ত ক্ৰেতাক ৰামঠগন দিয়ে বিক্ৰেতাই। সঠিক সামগ্ৰীৰ পৰিৱৰ্তে যোগান ধৰে ম্যাদ উকলা সামগ্ৰী। পৰিমাণতকৈ কম সামগ্ৰী যোগান ধৰে গ্ৰাহকক। বহু সময়ত অৰ্ডাৰ দিয়া সামগ্ৰীৰ বিপৰীতে লাভ কৰে আন সামগ্ৰী। ইয়াৰ লগতে ৰং-বিৰঙী সামগ্ৰীৰ চমক দেখুৱাই গ্ৰাহকে লাভ কৰে নিম্নমানৰ সামগ্ৰী। এতিয়াৰে পৰা গ্ৰাহকসকলে ন্যায় লাভ কৰিব! বস্তু কিনোতে যদি প্ৰতাৰিত হৈছে তেতিয়াহ’লে ফোন কৰিব পাৰিব বিশেষ নম্বৰলৈ। গ্ৰাহকৰ বাবে জাৰি কৰা হৈছে বিশেষ নম্বৰ। 1800-11-4000 অথবা 14404 নম্বৰৰত নিজৰ অভিযোগ দাখিল কৰিব পাৰিব। কিনা সামগ্ৰীত যদি কিবা ত্ৰুটি পাইছে তেন্তে এই নম্বৰত অভিযোগ দিব পাৰিব গ্ৰাহকে। ৰাজ্য চৰকাৰে মুকলি কৰিছে গ্ৰাহকৰ বাবে দুটাকৈ ফোন নম্বৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...