দোকানত প্ৰতাৰিত হৈছে নেকি আপুনি? ফোনযোগে অভিযোগ দিয়ক এই নম্বৰত…

বিভিন্ন সময়ত ক্ৰেতাক ৰামঠগন দিয়ে বিক্ৰেতাই। সঠিক সামগ্ৰীৰ পৰিৱৰ্তে যোগান ধৰে ম্যাদ উকলা সামগ্ৰী। পৰিমাণতকৈ কম সামগ্ৰী যোগান ধৰে গ্ৰাহকক। বহু সময়ত অৰ্ডাৰ দিয়া সামগ্ৰীৰ বিপৰীতে লাভ কৰে আন সামগ্ৰী। ইয়াৰ লগতে ৰং-বিৰঙী সামগ্ৰীৰ চমক দেখুৱাই গ্ৰাহকে লাভ কৰে নিম্নমানৰ সামগ্ৰী। এতিয়াৰে পৰা গ্ৰাহকসকলে ন্যায় লাভ কৰিব! বস্তু কিনোতে যদি প্ৰতাৰিত হৈছে তেতিয়াহ’লে ফোন কৰিব পাৰিব বিশেষ নম্বৰলৈ। গ্ৰাহকৰ বাবে জাৰি কৰা হৈছে বিশেষ নম্বৰ। 1800-11-4000 অথবা 14404 নম্বৰৰত নিজৰ অভিযোগ দাখিল কৰিব পাৰিব। কিনা সামগ্ৰীত যদি কিবা ত্ৰুটি পাইছে তেন্তে এই নম্বৰত অভিযোগ দিব পাৰিব গ্ৰাহকে। ৰাজ্য চৰকাৰে মুকলি কৰিছে গ্ৰাহকৰ বাবে দুটাকৈ ফোন নম্বৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...