শান্তি আলোচনাৰ বাবে সাজু ৰাছিয়া-ইউক্ৰেইন! কিন্তু লাগিছে আউল…

শান্তি আলোচনাৰ বাবে সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি। কিন্তু বেলাৰুছত এই শান্তি আলোচনা অনুষ্ঠিত কৰাৰ পক্ষত নাই ৰাষ্ট্ৰপতি জেলেনস্কি।

এক ভিডিঅ’ বাৰ্তাত জেলেনস্কিয়ে কয় যে, বেলাৰুছ নিজেই তেওঁৰ দেশত ৰাছিয়াৰ আক্ৰমণত জড়িত আছিল। ভলোডিমিৰ জেলেনস্কিয়ে বেলাৰুছৰ পৰিৱৰ্তে কেইখনমান ঠাইৰ নাম প্ৰস্তাৱ কৰিছে। য’ত ৰাছিয়াই ইচ্ছা কৰিলে শান্তি আলোচনা কৰিব পাৰে।

তেওঁ ইস্তানবুল, ৱাৰ্ছ, বাকু, ব্ৰাটিস্লাভা বা বুদাপেষ্টক বিকল্প স্থান হিচাপে বাছনি কৰিছে আৰু লগতে কয় যে, বেলাৰুছৰ বাহিৰে আন যিকোনো স্থানত এই শান্তি আলোচনা অনুষ্ঠিত হ’ব পাৰে।

আনহাতে, ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণে চতুৰ্থ দিনত প্ৰৱেশ কৰিছে আনকি ৰাছিয়াই ইতিমধ্যে ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত প্ৰৱেশ কৰিছে।

শুকুৰবাৰে, ইউক্ৰেনে ৰাছিয়াক শান্তি আলোচনা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত প্ৰাবল্য...

আজি সুধাকণ্ঠৰ জন্মদিন, অসমে সোঁৱৰিছে মহান শিল্পীক

আজি অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বিশেষ দিন। সুধাকণ্ঠ...

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...