মেৰিলে পেনকেক হৰুৱাই পুনৰ ফ্ৰান্সৰ ৰাজপাটত ইমানুৱেল, ফলাফলৰ পিছতে পেৰিছত ক্ষোভৰ দাবানল

পুনৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ইমানুৱেল মেক্ৰণ। প্ৰতিদ্বন্দ্বী কট্টৰ ডানপন্থী মেৰিলে পেনকেক পৰাজিত কৰি ২০ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে জয়ী হৈ ইতিহাস গঢ়িলে এমানুৱেল মেক্ৰণে। ইমানুৱেল মেক্ৰণে লাভ কৰিলে ৫৮.৫৫ শতাংশ ভোট আৰু প্ৰতিদ্বন্দ্বী মেৰিলে পেনেকে লাভ কৰিলে ৪৫.৪৫ শতাংশ ভোট। উল্লেখযোগ্য যে, ২০০২ বৰ্ষৰ পিছত কোনো ফৰাচী ৰাষ্ট্ৰপতি একেৰাহে দুবাৰ নিৰ্বাচিত হোৱা নাছিল। কিন্তু ইমানুৱেল মেক্ৰণৰ জয়ৰ পিছতেই ক্ষোভত ফাটি পৰিল পেৰিচৰ জনতা। ভোটৰ ফলাফল প্ৰকাশৰ পিছতেই বিক্ষোভত উত্তাল হৈ উঠিল ফ্ৰান্সৰ ৰাজধানী পেৰিচ। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়।

পৰৱৰ্তী সময়ত কন্দুৱা গেছ প্ৰয়োগ কৰাতহে বিক্ষোভকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষী। প্ৰতিবাদকাৰীসকলৰ অধিকাংশই আছিল বিভিন্ন বিশ্ববিদ্যালয়ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...