মেৰিলে পেনকেক হৰুৱাই পুনৰ ফ্ৰান্সৰ ৰাজপাটত ইমানুৱেল, ফলাফলৰ পিছতে পেৰিছত ক্ষোভৰ দাবানল

পুনৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ইমানুৱেল মেক্ৰণ। প্ৰতিদ্বন্দ্বী কট্টৰ ডানপন্থী মেৰিলে পেনকেক পৰাজিত কৰি ২০ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে জয়ী হৈ ইতিহাস গঢ়িলে এমানুৱেল মেক্ৰণে। ইমানুৱেল মেক্ৰণে লাভ কৰিলে ৫৮.৫৫ শতাংশ ভোট আৰু প্ৰতিদ্বন্দ্বী মেৰিলে পেনেকে লাভ কৰিলে ৪৫.৪৫ শতাংশ ভোট। উল্লেখযোগ্য যে, ২০০২ বৰ্ষৰ পিছত কোনো ফৰাচী ৰাষ্ট্ৰপতি একেৰাহে দুবাৰ নিৰ্বাচিত হোৱা নাছিল। কিন্তু ইমানুৱেল মেক্ৰণৰ জয়ৰ পিছতেই ক্ষোভত ফাটি পৰিল পেৰিচৰ জনতা। ভোটৰ ফলাফল প্ৰকাশৰ পিছতেই বিক্ষোভত উত্তাল হৈ উঠিল ফ্ৰান্সৰ ৰাজধানী পেৰিচ। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়।

পৰৱৰ্তী সময়ত কন্দুৱা গেছ প্ৰয়োগ কৰাতহে বিক্ষোভকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষী। প্ৰতিবাদকাৰীসকলৰ অধিকাংশই আছিল বিভিন্ন বিশ্ববিদ্যালয়ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...