খুলি দিয়া হৈছে চাৰিখন শ্লুইচ গেট, নগাঁও, মৰিগাঁও জিলাত ভয়াৱহ হ’ব নেকি পৰিস্থিতি?

খুলি দিয়া হৈছে চাৰিখন শ্লুইচ গেট, ভয়ংকৰ ৰূপত বাঢ়িছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ। পশ্চিম কাৰ্বি আংলঙত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কাৰ্বি লাংপি নৈৰ ওপৰত অৱস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন শ্লুইচ গেট খুলি দিয়া হৈছে ৷
কি কি গেট খুলি দিয়া হৈছে?
গেট নং:৩ (৩ মিটাৰ)
গেট নং:৪ (৩.৫ মিটাৰ)
গেট নং:৫ (৪ মিটাৰ)
গেট নং:৬ (৪ মিটাৰ)
বন্ধ অৱস্থাত আছে ১, ২ আৰু ৭নং গেট। নগাঁও, মৰিগাঁও জিলাৰ পশ্চিম অঞ্চলৰ লোকৰ বাবে উদ্বিগ্নতাৰ কাৰণ। বৰষুণ অব্যাহত থাকিলে শ্লুইচ গেটৰ পানীয়ে ভয়াৱহ ৰূপ ল’ব পাৰে মধ্য অসমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...