মৃত্যু এনেকৈয়ে আহেনে…মৃত্যুদূতৰূপী বাহনে প্ৰাণ ল’লে ভাতৃ-ভগ্নীসহ ৪জনৰ

মৰ্মান্তিক, হৃদয়বিদাৰক! কোনে ভাবিছিল, কথাবোৰ যে এদিন এনেকুৱা হ’ব! ঘৰলৈ উভতি গৈ থাকোতেই ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল’লে ৪জনৰ। ৰাজ্যত পুনৰ সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাই পুনৰ বুকু উকা কৰি গ’ল এখন ঘৰৰ। দুৰ্ঘটনাত থিতাতে নিহত হ’ল ভাতৃ-ভগ্নী।

চিলাপথাৰৰ চিলাসুঁতিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হয় এই ঘটনা। ৰখাই থোৱা বাইকত খুন্দা টাটা পাঞ্চ বাহনৰ। বাহনখৰ খুণ্ডাত প্ৰাণ গ’ল ভাতৃ ভগ্নীৰ। নিহত ভাতৃ-ভগ্নী আজা চুংক্ৰাং আৰু জয়া চুংক্ৰাং।

আনফালে TATA PUNCH বাহনখনে আন এখন বাইককো মহতিয়াই নিয়ে। দুৰ্ঘটনাতো ইমানেই ভয়াৱহ আছিল যে বাইকখন পথৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰৈত চিটিকি পৰে। ঘটনাস্থলীতে নিহত হয় বাইক আৰোহী দীনেশ পেগু আনফালে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা নৱকান্ত দলেৰো মৃত্যু হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...