গ্ৰেপ্তাৰ হ’ল ACA প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোঁহাই

গুৱাহাটীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে ডিব্ৰুগড়ৰ টিংখঙৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে প্ৰদীপ বুঢ়াগোহাঁইক। আজি পুৱতি নিশা আৰক্ষীয়ে ACAৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনক লৈ ফটাশিল থানা পাই মহানগৰ আৰক্ষীয়ে। দুপৰীয়া আদালতত হাজিৰ কৰাব বিয়াগোম কেলেংকাৰিত অভিযুক্ত প্ৰদীপ বুঢ়াগোহাঁইক। ২০১৬-১৯ বৰ্ষলৈ ACAৰ সম্পাদক হৈ থকা সময়ত সংঘটিত হৈছিল অবাধ কেলেংকাৰি। নিবিদা অবিহনে ৰঙৰ কাম, প্ৰেক্টিছ গ্ৰাউণ্ডত মাটি পেলোৱা, চিতৰ নাম্বাৰিঙৰ নামত বৃহৎ পৰিমাণৰ ধন আত্মসাতৰ অভিযোগ।

আনকি বৰ্ষাপাৰা ষ্টেডিয়ামৰ আন্তগাথঁনি নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ। বৰ্তমানৰ ACAৰ কমিটিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ প্ৰদীপ বুঢ়াগোহাঁইক। যামচেদ খানৰ নেতৃত্বত ACAএ গঠন কৰি দিয়া কমিটিয়েও এই কেলেংকাৰিৰ তথ্য পোহৰলৈ আনিছিল। আনকি প্রদীপে পুত্ৰৰ বিমান যাত্ৰা আৰু হোটেলৰ ধনো অসম ক্ৰিকেট সন্থাৰ পইচা খৰছ কৰা বুলি তথ্য পোহৰলৈ আহিছে। কেৱল প্ৰদীপ বুঢ়াগোহাঁইয়ে নে? এই ৫০ কৌটিটকীয়া বৃহৎ কেলেংকাৰিত জড়িত থকাৰ অভিযোগ ACAৰ কোষাধক্ষসহ বহুজন বিষয়া-কৰ্মচাৰীও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...