খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু মহিলাৰ, চিকিৎসাধীন শিশুসহ ১৩২ জন

জোনাইৰ চিমেন চাপৰিত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া হৈ মৃত্যুক সাৱটি লয় এগৰাকী মহিলাই। বৰ্তমানেও চিকিৎসাধীন হৈ আছে শিশুসহ ১৩২ জন লোক। মৃত মহিলাগৰাকী চিমেন চাপৰিৰ শৰ্মিলা স্বৰ্গীয়াৰী। ১৩ আগষ্টত জোনাইৰ চিমেন চাপৰি আঞ্চলিক বাথৌ মন্দিৰৰ প্ৰাৰ্থনাত প্ৰসাদ গ্ৰহণ কৰিছিল তেওঁলোকে। প্ৰসাদ খোৱাৰ পাছতে আক্ৰান্ত হয় বিষক্ৰিয়াত। আক্ৰান্তসকলক ডেকাপাম আৰু চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে একাংশক প্ৰেৰণ কৰা হয় চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ। অতি সংকটজনক অৱস্থাত ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় কেইবাজনকো। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় শৰ্মিলা স্বৰ্গীয়াৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM: টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...