খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু মহিলাৰ, চিকিৎসাধীন শিশুসহ ১৩২ জন

জোনাইৰ চিমেন চাপৰিত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া হৈ মৃত্যুক সাৱটি লয় এগৰাকী মহিলাই। বৰ্তমানেও চিকিৎসাধীন হৈ আছে শিশুসহ ১৩২ জন লোক। মৃত মহিলাগৰাকী চিমেন চাপৰিৰ শৰ্মিলা স্বৰ্গীয়াৰী। ১৩ আগষ্টত জোনাইৰ চিমেন চাপৰি আঞ্চলিক বাথৌ মন্দিৰৰ প্ৰাৰ্থনাত প্ৰসাদ গ্ৰহণ কৰিছিল তেওঁলোকে। প্ৰসাদ খোৱাৰ পাছতে আক্ৰান্ত হয় বিষক্ৰিয়াত। আক্ৰান্তসকলক ডেকাপাম আৰু চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে একাংশক প্ৰেৰণ কৰা হয় চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ। অতি সংকটজনক অৱস্থাত ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় কেইবাজনকো। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় শৰ্মিলা স্বৰ্গীয়াৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...