ভাৰতত সাজু হৈ উঠিছে উৰন্ত গাড়ী

শীঘ্ৰে যান-জঁটৰ পৰা মুক্তি পাব দেশবাসীয়ে। দেশৰ বিভিন্ন অঞ্চলৰ ৰাজপথত দেখিবলৈ পোৱা যান-বাহনৰ দীঘলীয়া শাৰী অদৃশ্য হৈ পৰিব। কোনো সমস্যা নোহোৱাকৈয়ে নিৰ্ধাৰিত সময়ত গন্তব্য স্থানত উপনীত হ’ব পাৰিব নাগৰিকসকলে। ৰাজপথৰ যান–জঁটৰ সমস্যাৰ পৰা দেশবাসীক মুক্তি দিবলৈ সকলো প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে এটা দেশীয় প্ৰতিষ্ঠানে। ই–প্লেন কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে মাদ্ৰাছ আই আই টিৰ এজন অধ্যাপকৰ প্ৰচেষ্টাত প্ৰস্তুত কৰিছে উৰন্ত গাড়ী। ইতিমধ্যে সকলো চৰকাৰী আনুষ্ঠানিকতা সম্পন্ন হৈছে আৰু অহা ৭–৮ মাহৰ ভিতৰতে কেতবোৰ নিৰ্ধাৰিত অঞ্চলত দেখিবলৈ পোৱা যায় ভাৰতত নিৰ্মিত এই উৰন্ত গাড়ী।

ভাৰতত সাজু হৈ উঠিছে উৰন্ত গাড়ী
অহা ৭-৮ মাহৰ ভিতৰতে আৰম্ভ হ’ব উৰন্ত গাড়ীৰ চলাচল
মাদ্ৰাছ IITৰ অধ্যাপকৰ সহযোগত বাস্তৱ ৰূপ পাব উৰন্ত গাড়ীয়ে
চহৰ অঞ্চলৰ যান-জঁটলৈ লক্ষ্য ৰাখি সাজু কৰা হৈছে এই উৰন্ত বাহন

আধুনিকতাৰ লগে লগে অত্যাধুনিক যান-বাহনে প্ৰভাৱ পেলাইছে বিশ্বৰ প্ৰতিজন নাগৰিকৰ মনত। গাড়ী ক্ৰয় কৰাটো সহজলভ্য হৈ পৰা হেতুকে বিশ্বৰ প্ৰতিখন চহৰতে দিনে দিনে বৃদ্ধি পাই আহিছে অস্বাভাৱিক যান–জঁটৰ সমস্যা। ইয়াৰ লগে লগে নাগৰিকসকলৰ সন্মুখত দেখা দিছে আন এক সমস্যাই। পৰিৱেশ প্ৰদূষণৰ লগতে নিৰ্ধাৰিত সময়ত গন্তব্য স্থানত উপনীত হোৱাটোও প্ৰত্যাহ্বান হৈ দেখা দিছে যিকোনো লোকৰ বাবে। এই সমস্যাৰ সমাধান দিবলৈ সাজু হৈছে মাদ্ৰাছ IITৰ অধ্যাপক সত্যনাৰায়ণ চক্ৰৱৰ্তী আৰু প্ৰাঞ্জল মেহতাই।

ইতিমধ্যে দুয়োজনে ই–প্লেন নামেৰে এটি কোম্পানী স্থাপন কৰি উৰন্ত গাড়ীৰ পৰীক্ষা–নিৰীক্ষা আৰম্ভ কৰিছে। কেৱল পৰীক্ষা–নিৰীক্ষাই নহয় ইতিমধ্যে এই প্ৰকল্পৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। ই–প্লেন
চৰকাৰী আনুষ্ঠানিকতাও সম্পূৰ্ণ কৰি তোলা হৈছে।

ই–প্লেনৰ প্ৰতিষ্ঠাপক অধ্যাপক চক্ৰৱৰ্তী আৰু মেহতাই প্ৰকাশ কৰা মতে অহা ৭–৮ মাহৰ ভিতৰতে দেশত চলাচল কৰিবপৰাকৈ সম্পূৰ্ণ এই উৰন্ত গাড়ী। ইয়াৰ লগে লগে বৰ্তমানৰ পৰম্পৰাগত পৰিবহণ ব্যৱস্থাৰ বিকল্প হৈ উঠিব এই উৰণীয়া গাড়ী। ই–প্লেনে প্ৰস্তুত কৰা এই উৰন্ত গাড়ী হৈছে প্ৰকৃততে
উলম্বভাৱে উৰিব আৰু অৱতৰণ কৰিব পৰা এক বিশেষ ধৰণৰ বিমান
‘ফ্লাইং টেক্সি’ৰূপে নামকৰণ কৰাৰ এই গাড়ী চলিব বিদ্যুতৰ সহায়ত

যানজঁটৰ সমস্যাৰ ভাৰাক্ৰান্ত চহৰবাসীৰ বাবে এই উৰন্ত গাড়ী বিশেষ উপযোগী হৈ উঠিব বুলি প্ৰকাশ কৰে ই–প্লেন কৰ্তৃপক্ষই। যানজঁটৰ সমস্যা নিৰ্মূল কৰাৰ লগতে পৰিৱেশৰ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰতো উল্লেখনীয় ভূমিকা পালন কৰিব বিদ্যুৎচালিত এই উৰন্ত গাড়ীয়ে। ইতিমধ্যে পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হৈছে এই উৰন্ত গাড়ীৰ। দেশৰ যানজঁটৰ ফলত গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱা চহৰসমূহৰ ভিতৰৰ অন্যতম হ’ল-
দিল্লী, মুম্বাই, বেংগালুৰু, পুণে, কলকাতা, হায়দৰাবাদ, চেন্নাই আদি
আহমেদাবাদ, চুৰাট, জয়পুৰতো অভাৱনীয় যান-জঁট

ইয়াৰ উপৰি দেশৰ আন বহু সৰু–বৰ চহৰতো যানজঁটৰ সমস্যাই শেহতীয়াকৈ গুৰুতৰৰূপ ধাৰণ কৰিছে। এই চহৰসমূহত ই–প্লেনৰ এই উৰন্ত গাড়ীয়ে নাগৰিকসকলক যানজঁটৰ সমস্যাৰ পৰা মুক্তি দিয়াৰ লগতে পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰতো উল্লেখনীয় ভূমিকা পালন কৰিব বুলি প্ৰকাশ কৰিছে ইপ্লনে। সাধাৰণ দৃষ্টিত এই উৰন্ত গাড়ী হেলিকপ্টাৰৰ লেখীয়া হ’লেও হেলিকপ্টাৰৰ সেৱা গ্ৰহণ কৰাটো কেৱল মুষ্টিমেয়সংখ্যক লোকৰ বাবেহে সম্ভৱ। কিন্তু ই–প্লেনৰ এই উৰন্ত গাড়ীৰ চলাচল আৰম্ভ হ’লে ইয়াক ব্যৱহাৰ কৰাটো সকলো শ্ৰেণীৰ লোকৰ বাবে সম্ভৱ হৈ উঠিব বুলি আশা কৰা হৈছে।

1 COMMENT

  1. Static Wrinkles: Ultimate Guide To Prevention And Treatment

    # Erase the Lines: Proven Strategies for Minimizing Static Wrinkles

    Static wrinkles are those persistent creases that appear on your face, often in areas
    like the forehead, cheeks, and around the eyes. Unlike dynamic wrinkles,
    which form temporarily due to expressions like smiling or
    frowning, static wrinkles are permanent and can make you look older
    than you feel.

    ## What Are Static Wrinkles?
    Static wrinkles occur when collagen and elastin fibers in your skin break down over time.
    These proteins provide the structure and elasticity of your skin,
    so their decline leads to sagging and creasing. The
    most common areas for static wrinkles are:

    – Forehead: Horizontal lines across your brow.
    – Cheeks: Vertical creases that deepen as you age.
    – Eyebrows: Arches that may become less defined.
    – Neck and Décolletage: Lines that appear below the chin.

    ## Dynamic vs. Static Wrinkles
    Dynamic wrinkles are temporary and caused by muscle movement, such as when you smile, frown, or squint.

    These lines disappear when your face relaxes.

    On the other hand, static wrinkles are permanent and don’t go away, even when you’re resting your face.

    ## What Causes Static Wrinkles?
    The primary cause of static wrinkles is aging. As you get older, your body produces less collagen and elastin,
    leading to loss of skin firmness and elasticity. Other factors include:

    – Sun Exposure: UV rays damage collagen, accelerating wrinkle
    formation.
    – Smoking: Reduces blood flow to the skin, weakening its structure.

    – Stress: Can cause tension in the face, contributing to wrinkles.

    ## At What Age Do You Get Static Wrinkles?
    Static wrinkles typically begin to appear in your late 20s or early 30s.
    By your mid-30s, you may notice more pronounced lines around your eyes and forehead.

    As you age further, these creases become deeper and more visible.

    ## How to Prevent Static Wrinkles
    Preventing static wrinkles involves protecting
    your skin from damage and maintaining its health.
    Here are some proven strategies:

    – Use Sunscreen: Apply broad-spectrum sunscreen daily to shield your skin from UV rays.

    – Moisturize Regularly: Hydrated skin is more resilient against wrinkles.

    – Eat a Healthy Diet: Incorporate antioxidants, vitamins
    A, C, and E into your meals to support collagen production.
    – Stay Hydrated: Drinking water helps maintain skin elasticity.

    – Avoid Smoke and Secondhand Smoke: Both are harmful to skin health.

    – Manage Stress: Chronic stress can cause tension in the face, leading to
    premature wrinkles. Practice relaxation techniques like meditation or yoga.

    – Avoid Over-exertion: Repeated facial movements, such as
    frowning or squinting, can deepen wrinkles over time.

    ## The Best Treatment for Static Wrinkles
    While prevention is key, treatments can help reduce existing static wrinkles and
    improve skin texture. Options include:

    – Topical Treatments: Products like retinol and peptides can boost collagen production and firm skin.

    – Procedures: Injectables such as Botox or Dysport can temporarily smooth
    lines by reducing muscle activity. Fillers, like Juvederm or Restylane, can plump out
    deep wrinkles.
    – Lifestyle Modifications: Embracing a healthy diet, staying hydrated,
    and avoiding harmful habits can slow wrinkle progression.

    ## Leave a Comment
    Your thoughts on static wrinkles would be valuable
    for our community! Share your experiences and tips in the comments below.

    my blog post :: why are steroids bad for you (Sienna)

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

২১৪ জন পণবন্দীক হত্যা, বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া

২১৪ জন পণবন্দীক হত্যা। বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া।...

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩...