পুনৰ গোলাঘাট জিলাত হ’ব পাৰে জলপ্ৰলয়!

পুনৰ গোলাঘাট জিলাত হ’ব পাৰে জলপ্ৰলয়! খুলি দিয়া হৈছে NEEPCOৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী। জিলা প্ৰশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ দাঁতি কাষৰীয়া ৰাইজক দিছে সৰ্তকবাণী। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২ মিটাৰ পোৱা গৈছে। আজি পুৱা ৰিজাৰ্ভাৰৰ ১ নং গেট ২৫ চেন্টিমিটাৰ মুকলি কৰা হৈছে। ইয়াৰ পাছতো পানীৰ স্তৰ ৩২২.৪০ মিটাৰলৈ বৃদ্ধি। পুনৰ গেট খোলাৰ উচ্চতা ০.৫০ মিটাৰলৈ বৃদ্ধি কৰা হৈছে। নদীৰ কাষৰীয়া লোকসকলক নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্যত নিষেধাজ্ঞা। খোলা হৈছে NEEPCOৰ দুখনকৈ গেট । গোলাঘাটৰ লগতে দাঁতিকাষৰীয়া অঞ্চললৈ সতৰ্কতা জাৰী। যিকোনো মূহুৰ্তত বাঢ়িব পাৰে পানী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...