পুনৰ গোলাঘাট জিলাত হ’ব পাৰে জলপ্ৰলয়!

পুনৰ গোলাঘাট জিলাত হ’ব পাৰে জলপ্ৰলয়! খুলি দিয়া হৈছে NEEPCOৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী। জিলা প্ৰশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ দাঁতি কাষৰীয়া ৰাইজক দিছে সৰ্তকবাণী। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২ মিটাৰ পোৱা গৈছে। আজি পুৱা ৰিজাৰ্ভাৰৰ ১ নং গেট ২৫ চেন্টিমিটাৰ মুকলি কৰা হৈছে। ইয়াৰ পাছতো পানীৰ স্তৰ ৩২২.৪০ মিটাৰলৈ বৃদ্ধি। পুনৰ গেট খোলাৰ উচ্চতা ০.৫০ মিটাৰলৈ বৃদ্ধি কৰা হৈছে। নদীৰ কাষৰীয়া লোকসকলক নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্যত নিষেধাজ্ঞা। খোলা হৈছে NEEPCOৰ দুখনকৈ গেট । গোলাঘাটৰ লগতে দাঁতিকাষৰীয়া অঞ্চললৈ সতৰ্কতা জাৰী। যিকোনো মূহুৰ্তত বাঢ়িব পাৰে পানী।

Popular

More like this
Related

মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক, অসাধু ব্যৱসায়ীয়ে আপোনাকো খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই

আশাৰ সঞ্চাৰ কঢ়িয়াই অনা ফাকুৱাক লৈ দেশজুৰি আনন্দ। দেশৰ...

কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস

কলিয়াবৰত বনৰীয়া ম'হৰ ত্ৰাস। বিগত এমাহে এটা বনৰীয়া ম'হৰ...

গুৱাহাটীৰ ৰাজপথত তাণ্ডৱ চলালে সুৰাপায়ী যুৱতীয়ে

সুৰাৰ অবিহনে যেন উদযাপন কৰিব নোৱাৰে একাংশই। সুৰাৰ বাবেই...

বজাৰত উপলব্ধ গুৱাহাটীৰ যুৱতীৰ অশ্লীল ফটো

সুন্দৰী যুৱতীৰ নগ্ন ফটো পৰ্ণ চাইটত বিক্ৰী। বজাৰত উপলব্ধ...