গুজৰাটত বানৰ বিধ্বংসী ৰূপ

এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্য গুজৰাটত। সপ্তাহ ধৰি হোৱা ধাৰাষাৰ বৰষুণ আৰু শুকুৰবাৰে অহা সাগৰীয় ঘূৰ্ণী আছনাৰ প্ৰভাৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গুজৰাটৰ বদোদৰা, দ্বাৰকা আদিকে ধৰি বিভিন্ন অঞ্চলত। নদীৰ ৰূপ লৈছে ৰাজপথে। বাঢ়নি পানীয়ে উটুৱাই নিছে বহুতৰ ঘৰ–দুৱাৰ।

পানীৰ মাজত আৱদ্ধ হৈ পৰিছে বিলাসী বাহনসহ বিভিন্ন গাড়ী। SDRF, NDRF–এ চলাই আছে উদ্ধাৰ অভিযান। কেৱল মানুহৰে নহয়, জীব–জন্তু, জলচৰ প্ৰাণীও আশ্ৰয়হীন হৈ পৰিছে। বৰোদাৰ জনঞ্চলত উদ্ধাৰ হৈছে ২৪ কুম্ভীৰ, বিভিন্ন প্ৰজাতিৰ সহস্ৰাধিক সাপ–কাছ।

প্ৰৱল বৃষ্টিপাতত বিশ্বামিত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কাষৰীয়া আঞ্চল পাইছেহি জলচৰ প্ৰাণী। কেমেৰাত বন্দী হৈছে একোটা অদ্ভূত দৃশ্য। কোনোবাই ঘঁৰিয়াল উদ্ধাৰ কৰি স্কুটাৰেৰে লৈ গৈছে ৰাজপথেৰে।

কাৰোবাৰ ঘৰৰ ভিতৰ, কাৰোবাৰ ঘৰৰ চাল পাইছেগৈ ঘঁৰিয়াল। কৰবাত ৰাজপথত বিচৰণ কৰিছে সিংহই। মুঠতে বানৰ মাজতে বন্য জীৱ–জন্তু, হিংস্ৰ জলচৰ প্ৰাণী আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে বদোদৰাত। বানৰ মাজতে বন বিভাগে জীৱ–জন্তু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰ হৈছে ১৪ ফুট দৈৰ্ঘৰ কুম্ভীৰ।

বাঢ়নী পানীত উটি মৰিছে বহু দুৰ্লভ জলজ প্ৰাণী। গুজৰাটৰ এই বানত প্ৰাণ হেৰুৱাইছে প্ৰায় ৪০ গৰাকী লোকে। কেইবা হাজাৰ লোকে আশ্ৰয় ল’ব লগা হৈছে শিবিৰত। ইফালে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশতো ভয়াৱহ ৰূপ লৈছে বানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...