ভাৰতলৈ আহি আছে চীনৰ বিদেশ মন্ত্ৰী, উদ্দেশ্য কি?

অচিৰে ভাৰতলৈ আহিব চীনৰ বিদেশ মন্ত্ৰী ৱাং য়ি। গালৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰলৈ ভাৰতলৈ আহিব চুবুৰীয়া দেশখনৰ বিদেশ মন্ত্ৰী। ২০২০ চনৰ ১৫ জুনত দুয়ো দেশৰ সেনাৰ মাজত সূত্ৰপাত ঘটিছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ। ৰঙা চীনৰ আক্ৰমণত শ্বহীদ হৈছিল ২০জন সেনা জোৱান। চীনা সেনাকো তীব্ৰ প্ৰত্যুত্তৰ দিছিল ভাৰতীয় বীৰ জোৱানে। সেই ঘটনাৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটে। চলিত মাহৰ শেষৰ ফাললৈ দিল্লীলৈ চীনৰ বিদেশ মন্ত্ৰীগৰাকী অহাৰ সম্ভাৱনা আছে। অৱশ্য়ে চীনৰ ফালৰ পৰাহে ভাৰতলৈ অহাৰ প্ৰস্তাৱ দিয়া হৈছে। আনহাতে, ২৬-২৭ মাৰ্চত নেপাললৈ যাব চীনৰ বিদেশ মন্ত্ৰীগৰাকী। এই ভ্ৰমণকালত নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰী, প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবা আৰু বিৰোধী দলপতি নাৰায়ণ খডকাকো সাক্ষাতৰ সম্ভাৱনা আছে। বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ প্ৰকল্পক লৈ বিশেষভাবে চৰ্চাৰ সম্ভাৱনা আছে এই ভ্ৰমণকালত। কেৱল নেপাল আৰু ভাৰতেই নহয়, একেলগে ভূটান আৰু পাকিস্তান ভ্ৰমণৰো পৰিকল্পনা কৰিছে চীনৰ বিদেশ মন্ত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...