ৰয়েল গ্লবেল স্কুলত উত্তৰ পূৱৰ প্ৰথম কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন শিক্ষয়িত্ৰী

“হিম’গ্ল’বিন কি?” ৰয়েল গ্ল’বেল স্কুলৰ এজন ছাত্ৰই সুধিলে। এগৰাকী মেখেলা – চাদৰ পৰিহিতা যন্ত্ৰমানৱীয়ে প্ৰশ্নটো মন দি শুনিলে আৰু বিস্তৃতভাৱে হিম’গ্ল’বিনৰ বিষয়ে বৰ্ণনা কৰিলে। আন ছাত্ৰ ছাত্ৰীয়েও যন্ত্ৰমানৱীৰ গুৰুত্বপূর্ণ কথাবোৰ মন দি শুনিলে।

এই মেখেলা – চাদৰ পৰিহিতা যন্ত্ৰমানৱী গৰাকী ‘আইৰিচ’, ৰয়েল গ্ল’বেল স্কুলৰ কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন প্ৰথম শিক্ষয়িত্ৰী। প্ৰথম দিনা ছাত্ৰ – ছাত্ৰীসকল অত্যন্ত আগ্ৰহী আৰু আনন্দিত হৈ আইৰিচৰ লগত বিভিন্ন ধৰণৰ আলোচনা – বিলোচনাত মিলিত হ’ল। আইৰিচৰ লগত আলোচনা আৰু বিভিন্ন শিক্ষা প্ৰণালীৰ প্ৰয়োগ সফল হ’ল।

প্ৰশ্ন সমূহ পাঠ্যক্ৰমৰ ভিতৰৰ হওক বা যিকোনো বিষয়ৰ ওপৰতে হওক, আইৰিচে তৎক্ষণাত উদাহৰণেৰে সৈতে উত্তৰ দিব পাৰে। ছাত্ৰ – ছাত্ৰীসকলে ৰবটৰ কৰমৰ্দনলৈকে কৰা কাৰ্যাৱলী ভালদৰে উপভোগ কৰিলে, যাৰ দ্বাৰা শিক্ষণ প্ৰক্ৰিয়া আনন্দময় আৰু ব্যস্ততাপূৰ্ণ হ’ল।

আইৰিচৰ কণ্ঠস্বৰ সংগত আৰু সংযতৰ ব্যৱস্থা আছে, যাৰ দ্বাৰা ছাত্ৰ – ছাত্ৰীৰ লগত ভাৱ বিনিময় কৰিবলৈ সুবিধা হৈছে।

এই ৰবটটো ‘মেকাৰ লেবচ্ এডু টেক’ নামৰ সংস্থাটোৰ সহযোগত ‘অটল টিংকাৰিং লেব (ATL) প্ৰকল্পৰ অধীনত নীতি আয়োগে প্ৰস্তুত কৰি উলিয়াইছে।শিক্ষা জগতত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগত আইৰিচৰ ভূমিকা অকল্পনীয়।

ৰয়েল গ্ল’বেল স্কুলে ছাত্ৰ ছাত্ৰীক সৰ্বস্তৰৰ বিকাশৰ শিক্ষা প্ৰদান কৰাত অধিক গুৰুত্ব আৰোপ কৰে। আইৰিচৰ পৰিচয়ে এই ক্ষেত্ৰত অনন্য ভূমিকা গ্ৰহণ কৰিছে।ৰয়েল গ্ল’বেল স্কুলে আইৰিচৰ সফল প্ৰয়োগেৰে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা ব্যৱস্থাৰ বহুল পৰিৱৰ্তনৰ লগতে ছাত্ৰ – ছাত্ৰীৰ বাবে শিক্ষা গ্ৰহণ অধিক আকৰ্ষণীয়, মনোগ্ৰাহী আৰু সংযুক্ত ব্যৱস্থা কৰি গঢ়ি তোলাৰ বাবে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...