আৰু অলপ আৰু অলপ…ফুৱাই দিয়া! ৰাজ্যজুৰি হোলীৰ সময়ত চলিল আৰক্ষীৰ অভিযান

ভিন্নৰঙী আবিৰৰ ৰং, হোলী গীতৰ মূৰ্ছনাৰে ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ। সত্ৰনগৰী বৰপেটা, মাজুলী, বটদ্ৰৱাই নহয়, আন আন প্ৰান্ততো দৌল মহোৎসৱক লৈ ব্যাপক উছাহ। হোলী গীতৰ মূৰ্চনাৰে মুখৰিত হৈ পৰিছে চৌদিশ।

আন দিনাৰ দৰে হোলীৰ দিনাও গুৱাহাটীত চলিল অভিযান। সুৰা সেৱন কৰি ফাকুৱা উদযাপন কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে অভিযান। কেইবাজনো আৰক্ষীক জৰিমনা বিহিলে আৰক্ষীয়ে।

পিছ পৰি নাথাকিল শোণিতপুৰ আৰক্ষীও। হোলীৰ সময়ত সুৰক্ষিত ড্ৰাইভিং নিশ্চিত কৰাৰ এক প্ৰচেষ্টাৰূপে আৰক্ষীয়ে চলালে অভিযান। দুৰ্ঘটনামুক্ত শোণিতপুৰ গঢ়াৰ বাবে ৰাজপথত চলিল অভিযান।

আন আন জিলাৰ দৰে কৰিমগঞ্জতো চলিল অভিযান। সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ যাতে ক্ষতি নহয় তাৰ বাবে কঠোৰ পদক্ষেপ অৱলম্বন কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...