অসমৰ কৃষকৰ বাবে আবণ্টিত ৰসায়নিক সাৰ সৰবৰাহ হৈছে বহিঃৰাজ্যলৈ

হাইলাকান্দিত জব্দ ৫৫০ বস্তা ইউৰিয়া সাৰ। অসমৰ কৃষকৰ বাবে আবণ্টিত ৰসায়নিক সাৰ সৰবৰাহ হৈছে বহিঃৰাজ্যলৈ। অসমৰ পৰা মিজোৰামলৈ অবৈধভাবে সৰবৰাহ কৰি থকা অৱস্থাত হাইলাকান্দিত জব্দ ৫৫০ বস্তা ইউৰিয়া সাৰ। শুকুৰবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে জিলাখনৰ জামিৰা এলেকাত এখন ট্ৰাকৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণ সাৰখিনি। গোপন সূত্ৰৰ পম খেদি জামিৰাত আৰক্ষীয়ে WB 75 6760 নম্বৰৰ ট্ৰাকখন নিয়মীয়া তালাচীত ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে। গাড়ীৰ চালকৰ লগতে এই সাৰ সৰবৰাহৰ কোনো বৈধ নথি নথকাৰ বাবে আৰক্ষী চালক জনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা আৰম্ভ কৰে। বৰ্তমানে এই সাৰ সৰবৰাহ ব্যবসায়ৰ আৰত থকা চক্ৰৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী

হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী। চৌধুৰীক বঙাইগাঁৱৰ পৰা...

বাইক ষ্টাণ্ট কৰা যুৱকক আটক

বাইক ষ্টাণ্ট কৰা যুৱকক আটক। পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয়...

চাইকেলক অসমীয়াত কি বুলি কোৱা হয় জানেনে?

চাইকেল হৈছে মানুহৰ দ্বাৰা চালিত, পেডেল-নিয়ন্ত্ৰিত বাহন। বহু লোকৰ বাবে...

হাতত এডাল বিষাক্ত সাপ লৈ চিকিৎসালয়ত প্ৰৱেশ এজনৰ

এখন চিকিৎসালয়ত হঠাৎ হাহাকাৰ লাগিল। হাতত এডাল বিষাক্ত সাপ...