টিকটক কৰি ১০ বছৰ বাবে জেললৈ ইজিপ্তৰ জনপ্ৰিয় টিকটকাৰ

গুৱাহাটী, ২৩ জুন, NKTV: এটা টিকটক ভিডিঅ’। তাৰ পিছতেই আটক ইজিপ্তৰ এগৰাকী যুৱতী। টিকটকত এটা বিতৰ্কিত টিকটক ভিডিঅ’ আপলোড কৰাৰ দোষত ইজিপ্তৰ এইগৰাকী জনপ্ৰিয় টিকটকৰ তাৰকাক বিহা হৈছে ১০ বছৰ পৰ্যন্ত জেল। ইয়াৰ পূৰ্বে জুলাই মাহত হানিন হোচ্চামৰ বিৰুদ্ধে ন্যায়ালয়ে ৰায় প্ৰদান কৰি ২ বছৰ পৰ্যন্ত জেল আৰু ৩০০,০০০ ইজিপ্ত পাউণ্ড জৰিমনা বিহিছিল। দেওবাৰে পুনৰ মানৱ দেহৰ সৰবৰাহৰ লগত জড়িত থকাৰ অপৰাধত হানিন হোচ্চাম নামৰ ২০ বছৰীয়া টিকটক তাৰকাগৰাকীক ন্যায়ালয়ে ১০ বছৰৰ কাৰাবাস বিহিলে। এক ভিডিঅ’ যোগে ইতিমধ্যে ২০ বছৰীয়া যুৱতী গৰাকীয়ে তেওঁ টিকটকত আপলোড কৰা ভিডিঅ’টোৰ বাবে ক্ষমা বিচাৰিছিল। সোমবাৰে হানিনে আপলোড কৰা এই ভিডিঅটোৰ যোগে তেওঁ কেতিয়াও কোনো লোকৰ ক্ষতি কৰা নাছিল বুলি উল্লেখ কৰিছে। ইয়াৰ সমান্তৰালভাৱে ন্যায়ালয়ে হানিনৰ জেষ্ঠা ভগ্নী মাৱাদা অল আধামে তেওঁক সহযোগ কৰাৰ বাবে মাৱাদাকো ৬ বছৰৰ বাবে কাৰাদণ্ডৰ নিৰ্দেশ দিছে।

হানিন হোচ্চাম আৰু তেওঁৰ ২৩ বছৰীয়া ভগ্নী মাৱাদা অল আধামে একমাত্ৰ টকাৰ বাবেই ভিডিঅ চেয়াৰ এপৰ ব্যৱহাৰ কৰি কিশোৰী সকলক যৌন শোষন কৰাৰ বাবে দোষাৰোপ কৰা হৈছিল। পাচ মাহৰ অন্তত দেওবাৰে আদালতে হানিন হোচ্চামৰ পূৰ্বতে টিকটকত আপলোড কৰা ভিডিঅ’ই পৰিয়ালৰ মূল্যবোধৰ ওপৰত প্ৰভাৱ পেলোৱা বুলি দোষাৰোপ কৰি কাৰাদণ্ড বিহিছে।
হানিন হোচ্চামে এটা টিকটক ভিডিঅ চেয়াৰ কৰি তেওঁৰ মহিলা অনুৰাগীসকলক আমন্ত্ৰণ কৰাৰ বাবে ২০২০ চনৰ এপ্ৰিল মাহতেই আটক কৰিছিল টিকটক তাৰকাগৰাকীক। হানিনৰ টিকটকত ৯০০,০০০ অনুগামী থকাৰ সমান্তৰাল ভাৱে তেওঁৰ ভগ্নী মাৱাদাৰ টিকটকত ৩ নিযুত অনুৰাগী আছে লগতে ইনষ্টাগ্ৰামত মাৱাদাৰ আছে ১.৪ নিযুত অনুৰাগী আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...