৬ বছৰ আগতেই হেৰোৱা কিশোৰক পিতৃক গতালে NKTVয়ে

৬ বছৰৰ অন্তত পিতা-পুত্ৰৰ মহামিলন।৬ বছৰ আগতেই হেৰোৱা কিশোৰক পিতৃক গতালে NKTVয়ে। মানৱীয়তা আৰু দায়িত্ববোধৰ এটা কাহিনী কব বিচাৰিছোঁ। ভালদৰে শুনক, এটা ৯ বছৰীয়া ল’ৰা হেৰাই থাকিল! দৈব্য দুৰ্বিপাকত পৰি বহিঃৰাজ্যৰ পৰা ৰে’লেৰে আহি ল’ৰাটো পালেহি অসম। সেই ঘটনাটো আছিল ২০১৯ চনৰ, ৬ বছৰ আগৰ। তাৰ পিছত ল’ৰাটোৰ কি হ’ল? ক’লৈ গ’ল? থাকিল ক’ত?

এটা ৬ বছৰীয়া পুৰণি কাহিনীৰ সৈতে আজিৰ সংযোগৰ কথা ক’ম আপোনাক। লগতে ক’ম সাংবাদিকৰ দায়িত্ব, কষ্ট আৰু ইয়াৰ ফলাফলৰ কথা। বিভিন্ন সময়ত সাংবাদিকক কথাৰে-কামেৰে-ব্যৱহাৰেৰে পিষ্ট কৰি পেলোৱা হয়। অজ্ঞানী বোলা হয়, টকা খোৱা বুলি ককৰ্থনা কৰা হয়, এৰি দিয়া হয় বিপদত। কিন্তু সাংবাদিকে এৰি নিদিয়ে। আপুনি দুৰ্নীতি কৰিলেও এৰি নিদিয়ে, বিপদত পৰিলেও পিঠি নিদিয়ে। এই কথাকেই আকৌ এবাৰ প্ৰমাণ কৰিলে NKTVৰ সাংবাদিকে। ৬ বছৰ আগতেই হেৰোৱা কিশোৰক NKTVৰ সাংবাদিকে বিচাৰি পালে। বিচাৰি বিচাৰি উলিয়ালে কোচ বিহাৰৰ পিতৃক। ৬ বছৰৰ অন্তত পিতা-পুত্ৰৰ মিলনৰ হোতা হ’ল NKTVৰ সাংবাদিক।

এতিয়া আপোনাক সম্পূৰ্ণ ঘটনাটো কওঁ। ৬ বছৰ আগতেই বহিঃৰাজ্যৰ ৯ বছৰীয়া কিশোৰটিয়ে নুবুজাকৈয়ে ভাল দেখি উঠি দিছিল অসম অভিমুখী এখন ৰঙা ৰে’লত। দুই এদিন অনাই বনাই থাকোঁতে কিশোৰটিক উদ্ধাৰ কৰি লৈ আনিছিল চাইল্ড লাইনে। বিগত ৬টা বছৰে কিশোৰটি শিশু কল্যাণ বিভাগৰ অধীনৰ কামৰূপ মেট্ৰ’ৰ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ সুৰক্ষা গৃহত আছিল। অবোধ হোৱাৰ বাবেই বিচাৰি উলিয়াব পৰা হোৱা নাছিল কিশোৰটিৰ প্ৰকৃত জন্মভূমি অথবা পিতৃ মাতৃৰ পৰিচয়। আজিৰ পৰা প্ৰায় ১৫ দিন আগতে হঠাত সুৰক্ষা গৃহৰ পৰাই নোহোৱা হৈছিল কিশোৰটি। বিগত ২২ মাৰ্চত গণেশগুৰিস্থিত NKTVৰ কাৰ্যালয়ৰ সমীপতে কিশোৰটিক দেখিছিল আমাৰ সংবাদিকে। ততাতৈয়াকৈ যোগাযোগ কৰা সাংবাদিক অংশুমান চক্ৰৱৰ্তীয়ে দিন ৰাতি একাকাৰ কৰি একাগ্ৰতাৰে লাগি গৈছিল সেই কামত। বাতৰি প্ৰকাশ হৈছিল NKTV বাংলাত। অৱশেষত আমাৰ সাংবাদিক অংশুমানৰে যোগাযোগ কৰিছিল কোচবিহাৰ মাথভাংগাৰ কিশোৰজনৰ পিতৃ পৰিমল দাসে। সকলো নথি-পত্ৰ পৰীক্ষণৰ পিছত আমাৰ সাংবাদিক নিশ্চিত হৈছিল যে তেৱেঁই প্ৰকৃততে কিশোৰটিৰ পিতৃ। পুত্ৰক বিচাৰিবলৈ অপাৰগ অতি দৰিদ্ৰ পিতৃক অসমলৈ লৈ অনাৰ ব্যৱস্থা কৰা হ’ল। মানৱীয়তাৰ উত্কৃষ্ট উদাহৰণ দাঙি ধৰি সকলো ধৰণৰ সহায় কৰিলে RIYANS CHERITABLE TRUST নামৰ কোচবিহাৰৰ এটা বেচৰকাৰী সংস্থাই। তাৰ পিছৰখিনি শুনক শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিষয়াৰ মুখেৰেই।

সাংবাদিকৰ প্ৰচেষ্টাতে পিতৃ পৰিমল দাস আৰু হেৰোৱা কিশোৰটি সঞ্জিত দাসে আজি সুদীৰ্ঘ ৬ বছৰৰ মূৰত দেখাদেখি হ’ল। ৯ বছৰতে হেৰোৱা ল’ৰাটো আজি ১৫ বছৰীয়া হ’ল। তেওঁলোকৰ ওচৰত আজি ধন্যবাদ জনাবলৈ ভাষা নাই! এই সামগ্ৰিক প্ৰচেষ্টাত অসমৰ NKTV বাংলাৰ শুভেন্দু অধিকাৰীকে ধৰি বহুকেইজন সাংবাদিক, NKTV PLUSৰ সাংবাদিক মুন গোস্বামী, ৰবিউল আলম আৰু সুকল্যাণ ৰাজখোৱাৰ লগতে ধন্যবাদৰ পাত্ৰ কোচবিহাৰৰ RIYANS CHERITABLE TRUST নামৰ NGOটো।

বিষয়টো প্ৰত্যক্ষ কৰাৰ ৫ দিনৰ ভিতৰতে কোচ বিহাৰৰ পিতৃক বিচাৰি উলিয়াবলৈ সক্ষম হ’ল এন কে টিভি। হেৰাই যোৱা এটি কিশোৰে উভতাই পালে নিজৰ ঘৰখন। পৰিয়ালে পালে চকুৰ মণি সন্তানটিক। তেওঁলোক আজি সুখী। এই মহান কৰ্মৰ হোতা হবলৈ পাই NKTVও আজি ধন্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...