ধিঙৰ খেতিপথাৰত কৃষকে গৰুক খুৱাইছে পাচলি

ৰাজ্যৰ শাক-পাচলিৰ‌ বজাৰত জ্বলিছে‌ জুই। বিভিন্ন চহৰ নগৰৰ বজাৰত অধিক মূল্যত পাচলি‌ ক্ৰয় কৰিছে গ্ৰাহকে। বিশেষকৈ গুৱাহাটী মহানগৰীত ৮০-১০০ৰ তলত নাই পাচলি। তেনেস্থলত ধিঙৰ খেতিপথাৰত কৃষকে গৰুক খুৱাইছে পাছলি। কিন্তু কিয়?

ধিঙৰ খেতি পথাৰত কৃষকে গৰুক খুৱাইছে পাচলি
পাচলিৰ উচিত মূল্য নোপোৱাত উপায়ন্তৰ প্ৰকৃত কৃষক
ধিঙৰ পাইকাৰী বজাৰত পানীৰ দৰত বিক্ৰী কৃষকৰ উৎপাদিত পাচলি
প্ৰতি কেজি বেঙেনা ১ টকা, বন্ধাকবি ১-২ টকা, ফুলকবি ২-৩ টকা
প্ৰতি কেজি ৰঙালাও ৩ টকা, কেঁচা মটৰ ২০-২২ টকাত বিক্ৰী
একাংশ মধ্যভোগী দালালৰ বাবেই খাটিখোৱা কৃষক আজি বঞ্চিত

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ জুয়ে দহিছে সাধাৰণ জনতাক । খাদ্য সামগ্ৰীৰ পৰা আদি কৰি সকলো বয়-বস্তুতেই মুল্যবৃদ্ধি ৷ সমান্তৰালভাৱে শাক-পাচলিৰ‌ বজাৰতো জ্বলিছে‌ জুই। ৰাজ্যৰ বিভিন্ন চহৰ নগৰ সমূহত অধিক মূল্যত শাক-পাচলি‌ ক্ৰয় কৰিছে গ্ৰাহকে। বিশেষকৈ গুৱাহাটী মহানগৰীত ৮০-১০০ ৰ তলত নাই পাচলি। তেনেস্থলত, ধিঙৰ খেতিপথাৰত কৃষকে গৰুক খুৱাইছে পাচলি।

পাচলিৰ উচিত মূল্য নোপোৱাত উপায়ন্তৰ প্ৰকৃত কৃষক
ফলত দুৰ্ভগীয়া কৃষক সকলে কপালৰ ঘাম মাটিত পেলাই কৰা পাচলি এইদৰে খুৱাইছে গৰুক

কাৰণ, ধিঙৰ পাইকাৰী বজাৰত পানীৰ দৰত বিক্ৰী কৃষকৰ উৎপাদিত পাচলি

যি দাম শুনিলে আপোনাৰো চকু কপালত উঠিব। আপুনি মই ৮০ টকা, ১০০ টকা খুচুৰা মূল্যত কিনা পাচলি নগাও ধিঙৰ পাইকাৰী বজাৰ মূল্য,
প্ৰতি কেজি বেঙেনা ১ টকা
প্ৰতি কেজি বন্ধাকবি ১-২ টকা
প্ৰতি কেজি ফুলকবি ২-৩ টকা
প্ৰতি কেজি ৰঙালাও ৩ টকা
প্ৰতি কেজি কেচা মটৰ ২০-২২ টকা

যি পাচলি বিভিন্ন অজুহাতত ‌দুগুণ তিনিগুণ দৰত বিক্ৰী হয় গুৱাহাটীৰ বিভিন্ন বজাৰত।

গ্ৰামাঞ্চলত শাক পাচলিৰ পাইকাৰী মূল্যৰ এনে পুতৌ লগা দৰ শুনি হতভম্ভ সৰ্বসাধাৰণ। নগাও ধিঙৰ ১নং কান্ধুলিমাৰী গাৱঁৰ এইসকল কৃষকে উচিত মূল্য নাপাই এতিয়া এইদৰে গৰুক খোৱাইছে বেঙেনা, ফুল কবি, বন্ধাকবি।

একাংশ মধ্যভোগী দালালৰ বাবেই খাটিখোৱা কৃষক আজি বঞ্চিত
বজাৰত প্ৰতি কুইন্টল পাচলি ১০০ টকা দৰত বিক্ৰী কৰিব লগা কৃষকে খৰচ কৰিব লাগে ১৫০ টকা। সেয়ে উপায়ন্তৰ কৃষকে গৰুক খুৱাইছে পাচলি। ভুক্তভোগী কৃষক সকলে এইক্ষেত্ৰত বিচাৰিছে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ।

উল্লেখ্য যে, ধিঙৰ ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি আৰু নৈপৰীয়া অঞ্চলৰ কৃষক সকলে শাক পাচলি উৎপাদনত ৰাজ্যৰ ভিতৰতে আগস্থান দখল কৰি আহিছে। তেনেস্থলত এতিয়া উচিত মূল্য নোপোৱাত খেতি কৰিবলৈ বাদ দিছে একাংশ কৃষকে। পাইকাৰী বজাৰত ১ টকা ২ টকা দৰত বিক্ৰী হোৱা পাচলি মহানগৰীৰ বজাৰত কেনেকৈ ৮০ টকা ১০০ টকা হয়, তাক লৈ এতিয়া বহুজনৰ বহু প্ৰশ্ন। এইক্ষেত্ৰত যোগান বিভাগৰ হস্তক্ষেপ বিচাৰিছে সকলোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...