অসমলৈ কঢ়িয়ালে সুনাম, কৃষক উদ্ভাৱনী বঁটাৰ বিভূষিত হ’ল জয়দত কোঁৱৰ

কৃষিকৰ্মৰে উজলিল জয়দত কোঁৱৰ। নতুন দিল্লীত ভাৰতীয় কৃষি অনুসন্ধান সংস্হাই প্ৰদান কৰে কৃষক উদ্ভাৱনী বঁটা। কৃষকজনৰ এই সফলতাই এতিয়া গৌৰৱান্বিত কৰিছে অসমবাসীক। ভাৰতীয় কৃষি অনুসন্ধান সংস্হাই দিল্লীত অনুষ্ঠিত কৰা কৃষি মেলাত কৃষক উদ্ভাৱনী বঁটা লাভ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কৃষক জয়দত কোঁৱৰে।

“দৰিদ্ৰতা কেতিয়াও জীৱনৰ বাবে অভিশাপ হ’ব নোৱাৰে” এই বাক্যশাৰীৰ সত্যতা প্ৰতিপন্ন কৰি নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড় ৰাঙলী গাঁৱৰ নিবাসী জয়দত কোঁৱৰে আজিৰে পৰা প্ৰায় ৩০ বছৰৰ আগতে ৮ হাজাৰ টকা বেংকৰ পৰা ঋণ লৈ আৰু উত্তৰাধিকাৰী সুত্ৰে পোৱা কিছু মাটি বিক্ৰী কৰি মুঠ ৩২ হাজাৰ টকাৰে খেতি উপযোগী ৮ বিঘা মাটি ক্ৰয় কৰি কৃষিকৰ্মৰ পাতনি মেলে। দীৰ্ঘদিনীয়া একাগ্ৰতা, ধৈৰ্য্য আৰু নিৰন্তৰ প্ৰচেষ্টাত বৰ্তমান ৭০ বিঘা মাটিত কোঁৱৰে শৃংখলাবদ্ধভাৱে মাছ পালন, গাহৰি পালন, তামোল, কল, মাটিকঁঠাল, নাৰিকল, মৌচুমী, কাঠফুলা কেঞ্চাৰ ৰোগৰ প্ৰতিষেধক হিচাপে বিবেচিত চাবাচেনেগাছ, মধুমেহ ৰোগৰ প্ৰতিষেধক ইনচুলিন প্লাণ্ট, নীলকণ্ঠ, লক্ষ্মীতৰু লগতে বিভিন্ন প্ৰজাতিৰ বনৌষধি খেতি কৰি ডিব্ৰুগড় জিলা খনৰ ভিতৰত এজন সফল কৃষক তথা ব্যৱসায়ী ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।

এই সফলতাক সন্মান জনাই এইবৰ্ষৰ ভাৰতবৰ্ষৰ ৪৩গৰাকী প্ৰতিষ্ঠিত কৃষকৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ জয়দত কোঁৱৰক নিৰ্বাচিত কৰি যোৱা ১২ মাৰ্চত ভাৰতীয় কৃষি অনুসন্ধান সংস্হাই কোঁৱৰক দিল্লীত এখন মানপত্ৰসহ প্ৰদান কৰে কৃষক উদ্ভাৱনী বঁটা। জয়দত কোঁৱৰৰ এই সফলতাই এতিয়া স্বাভাৱিকতে গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...