মাৰ্কিন ধন কুবেৰ ইলন মাস্কৰ ষ্টাৰলিংক উপগ্ৰহ গাঁথনিত সংকট। প্ৰতিদিনে পতন হ’বলৈ আৰম্ভ কৰিছে ষ্টাৰলিংকৰ বহুসংখ্যক উপগ্ৰহ। ইলন মাস্কে স্পেছএক্সৰ জৰিয়তে বৰ্তমানলৈ ৭হাজাৰৰো অধিক ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত সংস্থাপন কৰিছে। বিশ্বজুৰি ইণ্টাৰনেট সেৱা যোগান ধৰা উদ্দেশ্যে এই উপগ্ৰহসমূহ সংস্থাপিত কৰা হৈছিল কক্ষপথত। বিগত সময়ছোৱাত মাজে সময়তে দুই–এটা উপগ্ৰহ ধ্বংস হৈছিল যদিও ক্ৰমান্বয়ে ইয়াৰ মাত্ৰা বৃদ্ধি পাবলৈ লোৱাত উদ্বিগ্ন হৈ পৰিছে ষ্টাৰলিংক কৰ্তৃপক্ষ। জ্যোতিৰ্বিজ্ঞানীয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি কেৱল যোৱা জানুৱাৰী মাহতে ১২০টাৰো অধিক ষ্টাৰলিংক উপগ্ৰহৰ পতন ঘটিছে। ধ্বংসপ্ৰাপ্ত এই কৃত্ৰিম উপগ্ৰহসমূহে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছতে জ্বলি নিশ্চিহ্ন হৈ যায়। জ্যোতিৰ্বিজ্ঞানী জ’নাথন মেকডোৱেলে প্ৰকাশ কৰা মতে শেহতীয়াকৈ প্ৰতিদিনে ৪টাৰ পৰা ৫টাকৈ ষ্টাৰলিংক উপগ্ৰহৰ পতন ঘটি আহিছে। স্পেছএক্সে অতিকম মূল্যৰ বিনিময়ত বহু ভিতৰুৱা অঞ্চলত ইণ্টাৰনেট সেৱা যোগানৰ বাবে এই উপগ্ৰহ নেটৱৰ্ক সেৱা স্থাপন কৰিছিল। যোৱা বছৰৰ জানুৱাৰীত ষ্টাৰলিংকৰ এনে উপগ্ৰহৰ সংখ্যা আছিল প্ৰায় ৭০০০। প্ৰতি ৫ বছৰৰ মূৰে মূৰে উন্নত প্ৰযুক্তিৰ জৰিয়তে স্পেছএক্সে ষ্টাৰলিংকৰ উপগ্ৰহ গাঁথনি উন্নত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰি আহিছে। কিন্তু কিয় সঘনে পতন হ’বলৈ আৰম্ভ কৰিছে ষ্টাৰলিংকৰ এই উপগ্ৰহ গাঁথনি। বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে প্ৰথম প্ৰজন্মৰ ষ্টাৰলিংক উপগ্ৰহৰ ম্যাদ যথেষ্ট কম। নতুন প্ৰযুক্তিৰে এনে উপগ্ৰহৰ ম্যাদ দীঘলীয়া কৰাৰ পৰিকল্পনা ষ্টাৰলিংকে গ্ৰহণ কৰিছিল যদিও এতিয়াও এই কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই। কক্ষপথত সক্ৰিয় হৈ থকা প্ৰায় ৪হাজাৰ ৭০০ প্ৰথম প্ৰজন্মৰ উপগ্ৰহৰ ভিতৰত ৫ শতাধিক উপগ্ৰহৰ ম্যাদ ইতিমধ্যে উকলিছে। ইপিনে ষ্টাৰলিংকৰ এই শ শ উপগ্ৰহৰ পতন ঘটি পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছত বায়ুমণ্ডলৰ প্ৰদূষণৰ মাত্ৰাও ব্যাপক হাৰত বৃদ্ধি পাইছে। এই উপগ্ৰহ পতনৰ ফলত প্ৰতিদিনে বায়ুমণ্ডলত বৃদ্ধি পাইছে ধাতৱীয় বাষ্পৰ। ২০২৩ৰ এক অধ্যয়ন অনুসৰি আলাস্কা অঞ্চলত এলুমিনিয়াম উপগ্ৰহৰ অন্যান্য ধাতৱীয় অংশৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। প্ৰথম প্ৰজন্মৰ ষ্টাৰলিংক উপগ্ৰহৰ পতনৰ সময়ত প্ৰায় ৩০ কিলোগ্ৰাম এলুমিনিয়াম অক্সাইড উৎপন্ন কৰে। এই এলুমিনিয়াম অক্সাইডে হৈছে বায়ুমণ্ডলৰ অজন স্তৰ ধ্বংসৰ অন্যতম কাৰণ। ২০১৬ৰ পৰা ২০২২ৰ ভিতৰত বায়ুমণ্ডলত ৮ গুণ বৃদ্ধি পাইছে অক্সাইডৰ মাত্ৰা। বায়ুমণ্ডল প্ৰদূষণৰ ই এক অন্যতম কাৰণৰূপে বিবেচিত হৈছে। ইপিনে ষ্টাৰলিংকৰ এই অভিলাসী প্ৰকল্পৰ এনে বিপৰ্যয়ৰ ফলত ইলন মাস্কৰ স্পেছএক্সৰ লোকচানৰ মাত্ৰাও ব্যাপক হাৰত বৃদ্ধি পাইছে।