সাৱধান! ৰাজ্যত পুনৰ ওলাইছে মুন্না ভাই MBBS ৰূপী চিকিৎসক

ৰাজ্যত পুনৰ ওলাইছে মুন্না ভাই MBBS। এইবাৰ কৰিমগঞ্জৰ গ্ৰামাঞ্চলত ভুৱা চিকিৎসক। পাইকাৰী ঔষধ বিক্ৰীৰ লাইচেন্সৰ জৰিয়তে ৰাইজৰ জীৱনক লৈ হেতালি। আশুতোষ ৰায় নামৰ লোক এজনৰ বিৰুদ্ধে এই অভিযোগ। কোনো ধৰণৰ চিকিৎসকৰ ডিগ্ৰী অবিহনেই দীৰ্ঘদিনে কৰি আহিছে চিকিৎসা। বোৱাৰীৰ নামত পাইকাৰী ঔষধ বিক্ৰীৰ লাইচেন্স লৈ আশুতোষ ৰায়ে চলাই গৈছে ৰোগীৰ চিকিৎসা। কৰিমগঞ্জৰ ঘোলছৰা বজাৰত চেম্বাৰ খুলি চলাই আহিছে চিকিৎসা। গাঁৱৰ সহজ সৰল লোকৰ চিকিৎসা অব্যাহত ৰাখিছে এইজন ভুৱা চিকিৎসকে। সচেতন লোকৰ অভিযোগৰ ভিত্তিত সোমবাৰে আশুতোষ ৰায়ৰ চেম্বাৰত চলিছিল সংবাদ মাধ্যমৰ ষ্ট্ৰিং অপাৰেশ্যন। কেমেৰাত বন্দী হয় ভুৱা চিকিৎসক আশুতোষ ৰায়ৰ কৰ্মকাণ্ডৰ সকলো দৃশ্য। প্ৰথমতে অভিযোগ অস্বীকাৰ কৰিছিল যদিও পিছত সকলো স্বীকাৰ কৰে আশুতোষ ৰায়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...