গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ


গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা নাই! এইবাৰ আমেৰিকাৰ অভিবাসন নীতিৰ বিষয়ে মুখ খুলিছে মাৰ্কিন উপ-ৰাষ্ট্ৰপতি জেডি ভ্যান্সে। শেহতীয়াকৈ আমেৰিকাত ‘গোল্ড কাৰ্ড’ আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ পিছতেই এইবাৰ ভ্যান্সে গ্ৰীণ কাৰ্ডৰ ভৱিষ্যতৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত মাৰ্কিন উপ-ৰাষ্ট্ৰপতিজনে কয়, “এজন গ্ৰীণ কাৰ্ডধাৰীয়ে আমাৰ দেশত অনিৰ্দিষ্টকাললৈ থকাৰ অধিকাৰ নাই।” তেওঁৰ এই মন্তব্যৰ ফলত আমেৰিকাত বসবাস কৰা ভাৰতীয়সকলৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, দ্বিতীয়বাৰৰ বাবে আমেৰিকাত ক্ষমতালৈ আহি ট্ৰাম্পে এটাৰ পিছত এটা ডাঙৰ সিদ্ধান্ত লৈছে। আমেৰিকাৰ পৰা ‘অবৈধ’ অভিবাসীসকলক নিজৰ দেশলৈ পঠোৱাৰ প্ৰক্ৰিয়াও চলি আছে। তাৰ লগতে কঠোৰ শুল্ক নীতিৰ কথাও ঘোষণা কৰিছে ট্ৰাম্প প্ৰশাসনে। ইয়াৰ উপৰি আমেৰিকাত জন্মগত নাগৰিকত্ব আইন সলনি কৰাৰ বাবে আইনী যুঁজ চলাইছে ট্ৰাম্পে। এনে পৰিস্থিতিত তেওঁৰ প্ৰশাসনে আমেৰিকাৰ অভিবাসন নীতিত ডাঙৰ পৰিৱৰ্তনৰ অনাৰ কথাও চিন্তা কৰিছে।

প্ৰসংগক্ৰমে, কেইদিনমান আগতে ট্ৰাম্পে কৈছিল, “আমেৰিকাত গোল্ড কাৰ্ড বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছো। ইয়াৰ জৰিয়তে গ্ৰীণ কাৰ্ডৰ সুবিধাও পাব যি আমেৰিকাত নাগৰিকত্বৰ নতুন পথ মুকলি কৰিব। ধনী লোকসকলে এই কাৰ্ড ক্ৰয় কৰি আমাৰ দেশলৈ আহিব পাৰিব। ইয়ালৈ আহি তেওঁলোকে প্ৰচুৰ ধন খৰছ কৰিব, কৰ দিব, আৰু লগতে কৰ্মসংস্থানৰ সুযোগো সৃষ্টি কৰিব।” পাঁচ মিলিয়ন মাৰ্কিন ডলাৰ, অৰ্থাৎ প্ৰায় ৪৩ কোটি টকা দিলে লাভ কৰিব ‘গোল্ড কাৰ্ড’। অৰ্থাৎ মাৰ্কিন নাগৰিকত্ব। ইয়াৰ ফলত গ্ৰীণ কাৰ্ড ব্যৱস্থাত পৰিৱৰ্তন আহিব। এই গোল্ড কাৰ্ডক গ্ৰীণ কাৰ্ডৰ এক ‘প্ৰিমিয়াম’ সংস্কৰণ বুলি ক’ব পাৰি। গ্ৰীণ কাৰ্ড দিয়াৰ এই প্ৰকল্পৰ নাম ইবি-৫।


NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...