ইউৰো কাপত চমকপ্ৰদ খেলেৰে নক আউটত প্ৰৱেশ ইটালীৰ

গুৱাহাটী, ১৭ জুন, NKTV

ইউৰো কাপৰ নকআউটত ইটালী
পূৰ্বৰ ব্যৰ্থতা পাহৰি ইটালীৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তন
দুই তাৰকাৰ যাদুৱে মোহিলে কোটি কোটি অনুৰাগীক
২৬ আৰু ৫২ মিনিটত মেনুৱেল লুকাটেলীৰ গল
৮৯মিনিটত ষ্ট্ৰাইকাৰ চিৰো ইম্মবাইল গল

২০১৮ৰ বিশ্বকাপত খেলিবলৈ নোপোৱাৰ ক্ষোভত দহি থকা ইটালীয়ে ইউৰোত অৱলম্বন কৰিছে আক্ৰমনাত্মক ৰণনীতি। টুৰ্ণামেন্টৰ গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচতো দৰ্শনীয় জয় ৰবাৰ্টো মানচিনিৰ ইটালীৰ।
ৰোমৰ অলিম্পিক ষ্টেডিয়ামত ইটালীৰ চিৰপৰিচিত খেল ।কঠিন ৰক্ষণ আনফালে সুযোগ বুজি প্ৰতিপক্ষৰ বেহু ফালি গল কৰাৰ প্ৰয়াস।
দলটোৰ জয়ৰ মূল কাণ্ডাৰী লুকাটেলি আৰু চিৰো ইম্মবাইল
টুৰ্ণামেন্টত এয়া ইম্মবাইলৰ একেৰাহে দ্বিতীয়টো গল

দুই খেলুৱৈৰ গলেৰে ৩-০ৰ ব্যৱধানত ইটালীৰ হাতত পৰাস্ত ইটালী
বুধবাৰে অনুষ্ঠিত আন এখন মেচত গাৰেথ বেলৰ ৱেলছে হৰুৱালে তুৰস্কক।
আজি তাৰকাসমৃদ্ধ বেলজিয়ামৰ বিৰুদ্ধে নামিব ডেনমাৰ্ক
অনুৰাগীৰ মতে মেচখনত হট ফেভাৰিট বেলজিয়াম।
ইফালে এদিনৰ বিৰতিৰ পিছত পুনৰ শুকুৰবাৰে কোপা আমেৰিকাত দুখনকৈ হাইভল্টেজ মেচ

ক’পা আমেৰিকাত প্ৰথমখন মেচত কলম্বিয়াৰ সন্মুখত ভেনিজুৱেলা

ভাৰতীয় সময় অনুসৰি নিশা ২.৩০ বজাত হব মেচখন
শুকুৰবাৰে পুৱা ৫.৩০ বজাত ব্ৰাজিলৰ বিৰুদ্ধে পেৰু


মেচখনক লৈ উদগ্ৰীৱ ক্ৰীড়া অনুৰাগী। এফালে ছাম্বাৰ দেশত সৌন্দৰ্যৰ ফুটবল আনফালে ইউৰোত টেকনিকেল ফুটবলৰ সমাহাৰ। এনেদৰেই এতিয়া উজাগৰী নিশাৰ ফুটবলৰ ৰোমাঞ্চে মন্ত্ৰমুগ্ধ কৰিছে ফুটবল অনুৰাগীক।

Sports Desk, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...