৭ ডিচেম্বৰৰ আটাইতকৈ ভাল খবৰটো। ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’ৰ স্ৰষ্টা অসমৰ প্ৰথিতযশা সাহিত্যক নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছে জ্ঞানপীঠ বঁটা। ভাৰতীয় সাহিত্য জগতৰ আটাইতকৈ প্ৰসিদ্ধ আৰু নোবেল বঁটা ৰূপে জ্ঞান কৰা কাব্য-ঋষি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা ঘোষণা কৰা হৈছে। নীলমণি ফুকন অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক।
তেওঁৰ এটা জনপ্ৰিয় কবিতা-
অলপ আগতে আমি কি কথা পাতি আছিলোঁ
এক
অলপ আগতে আমি কথা
পাতি আছিলোঁ
শিল টান পানী চেঁচা জুয়ে পোৰে
মৰাই চালি ধৰা
কেনেকুৱা আছিল পৃথিৱীৰ
প্ৰথম ৰাতিপুৱাটো
মিঠা ফল এটা মুখত দিলেই
কিয় তিতা হয়
ঠিক ৰাতি বাৰটালৈ
চাৰি মিনিট থাকোঁতে
পকা অঙঠাৰ দৰে
আকাশখন জ্বলি উঠা
লাহে লাহে মাটি বালি হৈ অহা
বাঁহ গছবোৰ ছাঁ ছাই হৈ অহা
দুই
নাইতো এতিয়া মোৰ
একো মনত নাই
অলপ আগতে তুমি কৈছিলা নেকি
মোক ভাল পাওঁ বুলি
কেৱল মানুহৰ বাবে
কেৱল নিৰন্ন শিশুবোৰৰ বাবে
যি উত্সৰ্গিত
যি লুকাই থাকে সাগৰ তলিৰ
বন-বিৰিখৰ তৃষাত
এডোখৰ কয়লাত
তাকেই কৈছিলা নেকি তুমি মোক
সেইদিনা মাজৰাতি
নীৰৱে চকুলো টুকি
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়চম গোস্বামীৰ পিছত নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছে জ্ঞানপীঠ বঁটা। প্ৰথমবাৰলৈ মৃত্যুঞ্জয় গ্ৰন্থখনৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিল জ্ঞানপীঠ বঁটা। মামৰে ধৰা তৰোৱাল আৰু সমগ্ৰ সাহিত্য কৃতীৰ বাবে মামণি ৰয়চম গোস্বামীয়ে লাভ কৰিছিল জ্ঞানপীঠ বঁটা। অসমৰ সাহিত্যিকলৈ এয়া তৃতীয়টো জ্ঞানপীঠ বঁটা। নীলমণি ফুকন অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বাবে বিশেষভাবে জনাজাত। উল্লেখ্য যে, ২০১৯ বৰ্ষৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰিছিল সাহিত্যিকগৰাকীক। ১৯৯১ চনত ছগনলাল জৈন বঁটা লাভ কৰিছিল। ইয়াৰ লগতে ২০০২ চনত সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ প্ৰদান কৰা হৈছিল। ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল নীলমণি ফুকনে। ১৯৮১ চনত ‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল।
গোলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰা নীলমণি ফুকনে ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৬৪ চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছতো সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল। ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰু চৰ্চা আৰম্ভ কৰিছিল সাহিত্যিকগৰাকীয়ে। তেওঁৰ কেইখনমান প্ৰখ্যাত গ্ৰন্থ পাহৰিব নোৱাৰিলো যি, সূৰ্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, আৰু কি নৈঃশব্দ্য, জাপানী কবিতা, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গাৰ্থিয়া লৰ্কাৰ কবিতা, নৃত্যৰতা পৃথিৱী ইত্যাদি। পাতি সোণাৰুৰ ফুল নামেৰে এখন আত্মজীৱনী আৰু কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছিল। উল্লেখ্য যে, কা বিৰোধী আন্দোলনৰ সময়তে কা বলৱতৰ তীব্ৰ বিৰোধিতা কৰিছিল। প্ৰায় দুটা দশকৰ পিছত অসমলৈ আহিল সুঃসংবাদ।